ৰাষ্ট্ৰীয়

স্কুটীৰ ওপৰত অশ্লীল ভিডিঅ' ! গ্ৰেপ্তাৰ ৩ জন, জৰিমণা ৮০,৫০০ টকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়া দুগৰাকী যুৱতীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বৃহস্পতিবাৰে নয়ডা আৰক্ষীয়ে দুগৰাকী যুৱতীসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে সাৰ্বজনীন স্থানত অশ্লীল ভিডিঅ' আৰু উপদ্ৰৱৰ সৃষ্টি কৰাৰ গোচৰ ৰুজু কৰে।

ভাইৰেল হোৱা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল যে এখন স্কুটীত দুগৰাকী যুৱতী আৰু এজন যুৱক হেলমেট পৰিধান নকৰাকৈ গৈ আছিল। স্কুটীখনৰ পিছফালত বহা চীটত যুৱতীদুগৰাকীয় অশ্লীল আচৰণ কৰিছিল।

ইয়াৰ বাবে নয়ডা আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰে আৰু স্কুটীৰ মালিকৰ ওপৰত ৮০,৫০০ টকাৰ জৰিমণা বিহে।

আৰক্ষীকৰ সূত্ৰই জানিব দিয়া মতে চেক্টৰ ১১৩ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৭৯ (দ্ৰুত গতিত গাড়ী চলোৱা, মানৱ জীৱন বিপদাপন্ন কৰা), ২৯০ (ৰাজহুৱা স্থানত অশ্লীলতা), ৩৩৬ আৰু ৩৩৭ (আনৰ জীৱন বা আঘাত বিপদাপন্ন কৰা কাৰ্য)ৰ অধীনত তিনিওজনৰ বিৰুদ্ধে পৃথক এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা কেইজন স্কুটী চালক যমুনা প্ৰসাদ ওৰফে পিযুষ আৰু যুৱতী দুগৰাকী ক্ৰমে বিনীতা, প্ৰীতি। উল্লেখ্য যে, ২৬ মাৰ্চত তেওঁলোতে এই ভিডিঅ' বনাইছিল। তাৰ পাছতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।