ৰাষ্ট্ৰীয়

কাৰ্গিল বিজয়ৰ ২৫টা বছৰ : বীৰ ছহিদৰ স্মৃতিত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাৰ্ঘ্য

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ২৬ জুলাই। ১৯৯৯ চনৰ আজিৰ এই দিনটোতেই ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি কাৰ্গিলত বিজয় সাৱ্যস্ত কৰিছিল। দুমাহ ধৰি চলিছিল এই মহাযুদ্ধ।

দেশমাতৃৰ বাবে নিজৰ প্ৰাণকো তুচ্ছ কৰি যুঁজিছিল ভাৰতীয় সেনাই, নাছিল ভয় কিম্বা শংকা। আছিল এটাই লক্ষ্য- দেশৰ মাটি কোনোপধ্যেই পাকিস্তানক দিয়া নহ'ব।

লাইন অফ কন্ট্ৰ’ল উলংঘা কৰা পাকিস্তানী সৈন্যই হয়তো শুনাই নাছিল ভাৰতীয় সৈন্যৰ বীৰ গাঁথা। কাৰ্গিলত আৰম্ভ হোৱা এই যুঁজত ভাৰতীয় সেনাই দেখুৱাইছিল সাহস আৰু পৰাক্ৰম। পাকিস্তানে অধিকৃত কৰা ভাৰতৰ ঠাইবোৰ উৎখাত কৰি গৈছিল ভাৰতীয় সেনাই।

অৱশেষত ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনা পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই। পাকিস্তানী সেনাক ধাৰশায়ী কৰি সীমান্তত উৰুৱাইছিল ভাৰতৰ বিজয় ধ্বজ্জা।

পিছে বিজয় সাব্যস্ত কৰিলেও এই যুদ্ধত শ্বহীদ হৈছিল বহু ভাৰতীয় জোৱানৰ। তথ্য মতে  ৫২৭ জন ভাৰতীয় সেনাই প্ৰাণ দিছিল দেশৰ বাবে। ইয়াৰোপৰি ১৩০০ ৰো অধিক জোৱান আহত হৈছিল।

এই কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদসকলক সুঁৱৰি প্ৰতিবছৰে উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস। এই কাৰ্গিল বিজয় দিৱসে পূৰ্ণ কৰিলে ২৫ টা বছৰ।

কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষত লাডাখত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। বীৰ শ্বহীদক সুঁৱৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাডাখৰ যুদ্ধ স্মাৰকত অৰ্পণ কৰে শ্ৰদ্ধাঞ্জলি। লগতে কাৰ্গিল যুদ্ধ সংগ্ৰহালয়ো পৰিৰ্দশন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।