ৰাষ্ট্ৰীয়

শ্ৰীলংকালৈ উভতি গ'ল ৰাজীৱ গান্ধীৰ ৩ হত্যাকাৰী!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰীলংকালৈ উভতি গ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত জামিন লাভ কৰা ৩ জন অপৰাধী। ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত ৬ জন অপৰাধীক আদালতে ২০২২ চনত মুকলি কৰি দিছিল। এই তিনিজনৰ নাম- মুৰুগন ওৰফে শ্ৰীহৰণ, জয়কুমাৰ আৰু ৰবাৰ্ট পায়চ। এই তিনিওজন শ্ৰীলংকাৰ নিবাসী আছিল।

২ বছৰ পূৰ্বে জেলৰ পৰা মুকলি হোৱাৰ পাছত তেওঁলোকক তিৰুচিৰাপল্লীৰ স্পেচিয়েল কেম্পত ৰাখিছিল। আজি তেওঁলোক শ্ৰীলংকালৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে তামিলনাডু চৰকাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ক কৈছিল যে, তেওঁলোকে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ (এফআৰআৰও) পৰা নিৰ্বাসন আদেশ লাভ কৰাৰ পিছত শ্ৰীলংকালৈ উভতিব পাৰে। 

ৰাজীৱ গান্ধীৰ হত্য়াৰ গোচৰত জড়িত থকা আন এজন শ্ৰীলংকাৰ নাগৰিকৰ ইতিমধ্যে মৃত্যু হৈছে। ইয়াৰ বিপৰীতে এই গোচৰত মুকলি কৰি দিয়া আন সকল ভাৰতীয় নাগৰিকসকল আছিল- পেৰাৰিবলন, ৰবিচন্দ্ৰন আৰু নলিনী। উল্লেখ্য যে, ৰাজীৱ গান্ধীৰ হত্যাৰ অপৰাধত এই ৭ জনে ৩০ বছৰ কাৰাদণ্ড খাটিছে।

উল্লেখ্য যে, ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুত হোৱা এক নিৰ্বাচনী প্ৰচাৰৰ মাজতেই আত্মঘাতী আক্ৰমণৰ ফলত মৃত্য়ু হৈছিল ৰাজীৱ গান্ধীৰ। এগৰাকী মহিলাই মালা পিন্ধোৱা পাছতেই এই বিস্ফোৰণ হৈছিল। এই ঘটনাত ১৮ জন লোকৰ মৃত্যু হৈছিল।

এই ঘটনাত ৪১ জনক অভিযুক্ত কৰা হৈছিল। ইয়াৰে ১২ জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ৩জন পলায়ন কৰিছিল। বাকী ২৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তসকলৰ বিৰুদ্ধে টাডা আইনৰ অধীনত তদন্ত কৰা হৈছিল। ৭ বছৰ ধৰি চলা তদন্তৰ অন্তত ১৯৯৮ চনৰ ২৮ জানুৱাৰীত টাডা আদালতে হাজাৰ পৃষ্ঠাৰ আদেশ শুনাইছিল। আটাইকেইজনকে মৃত্যুদণ্ড দিছিল আদালতে।

এই ৰায় টাডা আদালতৰ আছিল। পাছত এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল আটাইকেইজনে। তাৰপাছত উচ্চতম ন্যায়ালয়ে ২৬ জনৰ ভিতৰত ১৯ জন দোষীক মুকলি কৰি দিছিল। মাত্ৰ ৭ জনক ফাচীৰ ৰায় দিছিল। কিন্তু পাছত এই ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিবৰ্তন কৰা হয়।