ৰাষ্ট্ৰীয়

তামিলনাডুত অঘটন : অবৈধ সুৰা সেৱন কৰাৰ ফলত প্ৰাণ গ’ল ৩৪ জনৰ, ৪জনক আটক

Asomiya Pratidin

ডিজিটেল ডেস্ক : তামিলনাডুত সংঘটিত হোৱা ঘটনাই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবৈধ সুৰা সেৱন কৰি ৰাজ্যখনৰ ৩৪জন লোকে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ভালেসংখ্যক লোক হাস্পতালত ভৰ্তি হৈ আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তামিলনাডুৰ কাল্লাকুৰিচিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে মঙলবাৰে নিশা কাল্লাকুৰিচিত অবৈধভাৱে প্ৰস্তুত কৰা সুৰা সেৱন কৰাৰ ফলতেই এই ঘটনা সংঘটিত হ’বলৈ পালে।

ইয়াৰ ফলত সম্প্ৰতি ৩৪ গৰাকী লোক নিহত হোৱাৰ উপৰি প্ৰায় ৪৪গৰাকী লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ২০জনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সুৰা সেৱন কৰা অধিকাংশৰে প্ৰথমাৱস্থা শৌচ,বমি, মূৰৰ কামোৰণি আদি নানা সমস্যাই দেখা দিছিল। ইয়াৰ পাছতে ভুক্তভোগীসকলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ইফালে সংকটজনক অৱস্থাত থকা লোক কেইজনক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষী ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অৱ্যাহত ৰখাৰ কথা জানিব পৰা গৈছে।

ইফালে চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মন্ত্ৰী ই ভি ভেলুসহ এছ সুব্ৰমণিয়ামক হাস্পতাললৈ যাবলৈ নিৰ্দেশ দিছে। লগতে ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষী-প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।

ইতিমধ্যে উক্ত ঘটনাৰ অভিযোগত ৪জন লোকক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ জিন্মাত থকা লোক কেইজনৰ পৰা অধিক তথ্যৰ বাবে সোধা-পোচা কৰাৰ কথাও এক সূত্ৰত প্ৰকাশ।