কোন ৰাজ্যত কোন দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে, চাওঁক সবিশেষ...  
ৰাষ্ট্ৰীয়

প্ৰথম আধা ঘণ্টাত কোন ৰাজ্যত কোন দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে, চাওঁক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ'ল ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। মধ্যপ্ৰদেশৰ ২৩০ খন, ৰাজস্থানৰ ১১৯, ছত্তিশগড়ৰ ৯০ আৰু তেলেংগানাৰ ১১৯ খন আসনৰ বাবে হৈ যোৱা নিৰ্বাচনৰ ভোটগণনা নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই আৰম্ভ হৈছে।

অৱশ্যে মিজোৰামৰ ভোটগণনা ৩ ডিচেম্বৰৰ পৰা পিছুৱাই ৪ ডিচেম্বৰতহে আৰম্ভ হ'ব।

ভোটগণনা আৰম্ভ হৈছে যদিও এতিয়ালৈকে কোনো এখন ৰাজ্যতে এজনো প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ হোৱা নাই। প্ৰথম আঘা ঘণ্টাত অৱশ্যে মধ্যপ্ৰেদশত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী ১১ খনকৈ আসনত আগবাঢ়ি আছে।

ৰাজস্থানতো ১৬ খনকৈ আসনত কংগ্ৰেছ আৰু বিজেপিৰ ১৪ জন প্ৰাৰ্থী আগবাঢ়ি আছে। ছত্তিশগড়ৰ বিজেপি ১৬ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছৰ ১৫ জন প্ৰাৰ্থী আগবাঢ়িছে। তেলেংগানাত বি জে পি ৬ খন, বি আৰ এছৰ প্ৰাৰ্থী ৬ খনকৈ আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৭ খন আসনত আগবাঢ়িছে। এ আই এম আই এমৰ এজন প্ৰাৰ্থী আগবাঢ়িছে। অৱশ্যে প্ৰতি মুহূৰ্ততে ৰাজ্য কেইখনত অগ্ৰগতিৰ সংখ্যা বৃদ্ধি পাইছে।