কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ (প্ৰতিনিধিত্ব মূলক ফটো)  
ৰাষ্ট্ৰীয়

অমৰনাথ যাত্ৰাৰ মাজতে কাশ্মীৰত ৪ সন্ত্ৰাসবাদী নিহত, ছহিদ এজন জোৱানঃ অব্যাহত আছে সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে ভূস্বৰ্গ কাশ্মীৰত আৰম্ভ হোৱা সন্ত্ৰাসবাদীৰে সেনা, আৰক্ষীৰ এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে। এই এনকাউণ্টাৰত এই পৰ্যন্ত ৪ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি এই অভিযানৰ সময়ত ছহিদ হৈছে এজন সেনা জোৱান।

জম্মু কাশ্মীৰৰ কুলগাম জিলাত অব্যাহত থকা এই সংঘৰ্ষস্থলীৰ পৰা অহা খবৰ অনুসৰি অঞ্চলটোত এতিয়াও কেইবাটাও সন্ত্ৰাসবাদী লুকাই আছে। সেয়ে সমগ্ৰ অঞ্চলটো সেনা, আৰক্ষীয়ে ঘৰি ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে।

ইফালে অমৰনাথ যাত্ৰা অব্যাহত থকাৰ সময়তে এই সেনা, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত ৪ সন্ত্ৰাসবাদীৰ নিহতৰ খবৰে বিশেষ তাৎপৰ্যবহন কৰিছে। কিয়নো এইবাৰ অমৰনাথ যাত্ৰাত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল। এনে ভাবুকিৰ মাজতো সেনা, আৰক্ষীয়ে সম্পূৰ্ণ সুৰক্ষাৰে তীৰ্থ যাত্ৰীসকলক অমৰনাথ যাত্ৰাৰ সকলো সুবিধা দিছে।

জানিব পৰা মতে কুলগাম জিলাৰ ফ্ৰিজল ছিন্নিগাম এলেকাত লস্কৰ গোটৰ সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল নিৰাপত্তাবাহিনীয়ে। এই খবৰৰ ভিত্তিতে শনিবাৰে গোটেই এলেকাটো ঘৰি ধৰি নিৰাপত্তাবাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।

এই তালাচী অভিযানৰ সময়তে পলায়ন কৰাৰ কোনো সুযোগ নোপোৱাত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে সন্ত্ৰাসবাদী সদস্য কেইটাই। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাবাহিনীৰ দলটোৱেও গুলী চালনা কৰে।

দুয়োপক্ষৰ এনে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত হৈছে। নিহত ৪ টা সন্ত্ৰাসবাদীয়েই লস্কৰ-ই -তৈবাৰ বুলি জানিবা পৰা গৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে একেখন জিলাৰ মদেৰগাম নামৰ গাওঁখনতো সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাত সেনা, আৰক্ষীয়ে অভিযান চলাইছিল।

সেনা, আৰক্ষীৰ এই অভিযানৰ সময়তে গাওঁখনত লুকাই থকা সন্ত্ৰাসবাদীয়ে গুলী চালনা কৰিছিল। এই ঘটনাত এজন সেনা জোৱান আহত হৈছে। এই গাওঁখনত ৩ সন্ত্ৰাসবাদী লুকাই আছে বুলি সন্দেহ কৰিছে সেনাই। এই গাওঁখনতো অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।

উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ২৯ জুনৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। পূৰ্বৰ দৰেই এইবাৰো সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰাত বাধা দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

সেয়ে নিৰাপত্তাৰক্ষীয়ে অমৰনাথ যাত্ৰীসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ উপৰিও কোনো কাৰণতে যাতে বাধা প্ৰদান কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন স্থানত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱা মাত্ৰকে অভিযান চলাইছে।