সন্তানৰ মংগল কামনাই হ'ল হৈ পৰিল কাল ! নৈত উটি গ'ল ৩৭ শিশুসহ ৪৬ জন... 
ৰাষ্ট্ৰীয়

সন্তানৰ মংগল কামনাই হ'ল হৈ পৰিল কাল ! নৈত উটি গ'ল ৩৭ শিশুসহ ৪৬ জন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সন্তানৰ মংগল কামনাই হ'ল অমংগলৰ কাৰণ! সন্তানক লগত লৈ পানীত ডুব মৰাৰ পাছতেই সন্ধানহীন ৪৬ জনকৈ লোক। মৃত্যু হৈছে ৩৭ টাকৈ শিশু। এই কৰুণ ঘটনা সংঘটিত হৈছে বিহাৰত।

যোৱা বুধবাৰৰ পৰা এতিয়ালৈকে বিহাৰৰ মুঠ ১৫ খন জিলাৰ পৰা আহিছে এই খবৰ। বৃহস্পতিবাৰে বিহাৰ চৰকাৰৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা মতে জীৱিতপুত্ৰিকা নামৰ এক ধৰ্মীয় ৰীতি পালন কৰা হয় বিহাৰত। ইয়াৰ জৰিয়তে সন্তানৰ মংগল কামনাৰে মাতৃয়ে লগত সন্তানক কোলাত লৈ নদীত ডুব দিয়ে।

এই জীৱিতপুত্ৰিকা পালন কৰাৰ সময়তে ঘটিল সেই মৰ্মান্তিক ঘটনা। নৈৰ পানীত উটি গ'ল ৪৬ জনকৈ মাতৃ, সন্তান। নিহতসকলৰ মাজত আছে চাৰিগৰাকী মহিলা। উল্লেখ্য যে, বিগত বছৰতো এই ধৰ্মীয় ৰীতি পালন কৰিবলৈ গৈয়ে মৃত্যু হৈছিল ২২ গৰাকীৰ।

এইবাৰ মৃতকৰ সংখ্যা মুঠ ৪৬ জনলৈ বৃদ্ধি পালে। অতি শেহতীয়াকৈ নৈত উটি গৈছে ৩ গৰাকী। এই ৩ গৰাকীক এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই যদিও তেওঁলোককো মৃত ঘোষণা কৰা হৈছে। এতিয়াও সন্ধানহীনসকলৰ উদ্ধাৰৰ বাবে বিহাৰ প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

বিহাৰপ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই কৰুণ তথা মৰ্মান্তিক ঘটনাত দুখ প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ চাৰি লাখকৈ টকা আৰ্থিক সাহায্য হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে ৮ টাকৈ পৰিয়ালে এই আৰ্থিক সাহায্য লাভ কৰিছে।

বিহাৰৰ এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া প্ৰশাসনো প্ৰশ্নৰ সন্মুখীন হৈছে। বিগত বছৰত একেদৰেই ২২ গৰাকী লোক নৈত উটি যোৱাৰ পাছত এইবাৰ কিয় সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

কিয় আৰক্ষীয়ে নৈৰ কাষত পহৰাৰ ব্যৱস্থা কৰা নাছিল তাক লৈয়ো প্ৰশ্ন উঠিছে। যিহেতু ধৰ্মীয় পৰম্পৰা অনুসৰি এই নিয়ম পালন কৰিবলৈ নৈৰ পাৰলৈ মানুহৰ আগমণ ঘটিছিল গতিকে আৰক্ষীয়ে নৈৰ পাৰত কিয় সুৰক্ষাৰ সঠিক ব্যৱস্থা নকৰিলে সেই বিষয়ে সৰ্বত্ৰে প্ৰশ্ন উঠিছে।