৫ সাংসদে এতিয়াও লোৱা নাই শপতঃ ২ জন আছে কাৰাগাৰত, এজন ব্যস্ত বিয়াত... 
ৰাষ্ট্ৰীয়

৫ সাংসদে এতিয়াও লোৱা নাই শপতঃ ২ জন আছে কাৰাগাৰত, এজন ব্যস্ত বিয়াত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভাৰ বিশেষ অধিবেশনত ইতিমধ্যে সোম আৰু মঙ্গলবাৰে দুটা দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলেও পদ আৰু গোপনীয়তাৰ শপতগ্ৰহণ কৰিলে। বুধবাৰে অনুষ্ঠিত হ'ল অধ্যক্ষৰ নিৰ্বাচন। ইয়াৰ পিছত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও যৌথ অধিবেশনত ভাষণ দিলে।

কিন্তু এতিয়াও ৫ গৰাকী সদস্যই সংসদৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা নাই। এইসকলৰ ভিতৰত আছে পঞ্জাৱৰ খাদুৰ চাহিব আসনৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা অমৃত পাল সিং, কাশ্মীৰৰ বাৰামূলা সমষ্টিৰ পৰা নিৰ্বাচিত ইঞ্জীনিয়াৰ ৰছিদ, পশ্চিমবংগৰ আছানচোল আসনৰ পৰা নিৰ্বাচিত শত্ৰুঘ্ন সিনহা, বাছিৰহাট আসনৰ পৰা নিৰ্বাচিত শ্বেইখ নুৰুল ইছলাম আৰু উত্তৰ প্ৰদেশৰ গাজীপুৰ আসনৰ পৰা নিৰ্বাচিত আফজল আনচাৰী।

ইয়াৰে অমৃত পাল সিং আৰু ৰছিদ ইঞ্জিনীয়াৰ কাৰাগাৰত বন্দী হৈ আছে। এই দুয়ো নিৰ্বাচিত সাংসদৰ শপতগ্ৰহণৰ বাবে আদালতত শীঘ্ৰেই অন্তৱৰ্তীকালীন জামিনৰ শুনানি অনুষ্ঠিত হ'ব। আনহাতে আফজল আনচাৰী বিগত বছৰত এক গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে সংসদীয় কাৰ্যক্ৰমত উপস্থিত থকাত বাধা প্ৰদান কৰা আছে বাবে তেওঁ সংসদত উপস্থিত থাকিও শপত গ্ৰহণ কৰিব নোৱাৰিলে।

ডিব্ৰুগড় কাৰাগাৰত বন্দী থকা শালিস্তানী নেতা অমৃতপাল সিং এইবাৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰি সংসদলৈ নিৰ্বাচিত হৈ গৈছে। অমৃত পালক বিগত বছৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এন এছ এছ) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ওপৰত এন এছ এছৰ গোচৰ থকাৰ বাবে অন্তৱৰ্তীকালীন জামিনৰ বাবে বিশেষ আবেদন কৰিব লাগিব।

আব্দুল ৰছিদ শ্বেইখ ওৰফে ইঞ্জীনিয়াৰ ৰছিদে নিৰ্বাচনত নেচনেল কনফাৰেন্সৰ নেতা তথা পূৰ্বৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈছে। ২০১৯ ত এইগৰাকী নেতাক সন্ত্ৰাসবাদীলৈ পুঁজি যোগান ধৰাৰ অভিযোগত ইউ পি এ আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। নিৰ্বাচনৰ সময়ত তেওঁৰ হৈ প্ৰচাৰত অংশ লৈছিল পুত্ৰ আবৰাৰ ৰছিদে। ইতিমধ্যে তেওঁৰ শপতগ্ৰহণৰ বাবে দিল্লীৰ এখন আদালতত অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰা হৈছে। ১ জুলাইত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব তাতেই তেওঁৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিব নে নাই সেয়া জানিব পৰা যাব।

একালৰ জনপ্ৰিয় অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহায়েও জীয়ৰী সোণাক্ষী সিনহাৰ বিয়াত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিলে। পৰৱৰ্তী সময়ত তেওঁ শপতগ্ৰহণ কৰিব। বিজেপিৰ পৰা প্ৰথমে সংসদলৈ নিৰ্বাচিত হৈ অহা সিনহাই ২০১৯ত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে আৰু ২০২২ ত তেওঁ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ আহিছিল।

তৃণমূল কংগ্ৰেছৰে আন এগৰাকী সাংসদ শ্বেইখ নুৰুল ইছলামেও শপতগ্ৰহণ কৰা নাই। নিৰ্বাচনৰ পূৰ্বে মহিলাক নিৰ্যাতন কৰাৰ অভিযোগ অভিযুক্ত হোৱা এইগৰাকী সাংসদে ব্যক্তিগত অসুবিধাৰ বাবে এতিয়ালৈকে শপতগ্ৰহণ কৰিব পৰা নাই।

উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত সাংসদ আফজল আনচাৰী শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিও শপতগ্ৰহণ কৰিব নোৱাৰিলে। বিগত বছৰত গেংষ্টাৰ এক্টৰ এক গোচৰত চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত এই নেতাগৰাকীয়ে প্ৰথমে এলাহবাদ উচ্চ ন্যায়ালয়ত আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত আবেদন কৰি কাৰাদণ্ডৰ শাস্তিত স্থগিতাদেশ অৰ্জন কৰিছে।

কিন্তু এই ক্ষেত্ৰত তেওঁৰ ওপৰত জাৰি কৰা হৈছিল কেতবোৰ চৰ্ত। যেতিয়ালৈকে এলাহবাদ উচ্চ ন্যায়ালয়ত তেওঁৰ ওপৰত চলি থকা গোচৰৰ ৰায়দান নহয় তেতিয়ালৈকে তেওঁ সংসদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। সেয়ে তেওঁ সংসদত উপস্থিত থাকিও শপতগ্ৰহণ কৰিব নোৱাৰিলে। এই সাংসদগৰাকীয়ে কেতিয়া শপতগ্ৰহণ কৰিব পাৰিব তাৰ কোনো নিশ্চিয়তা নাই।

মন কৰিবলগীয়া যে, সংবিধানৰ নিয়ম অনুসৰি যদিহে কোনো সাংসদ ৬০ দিনৰ ভিতৰত সংসদত তেওঁৰ উপস্থিতি নিশ্চিত কৰিব নোৱাৰে তেতিয়াহলে তেওঁৰ আসনক খালী বুলি ধৰি লোৱা হয়। অৱশ্যে কাৰাগাৰত থকা সাংসদক শপতগ্ৰহণ কৰিবলৈ অন্তৰৱৰ্তীকালীন জামিন দিয়াৰ উদাহৰণ পূৰ্বেও বহু আছে।

চলিত বছৰৰে মাৰ্চ মাহত কাৰাগাৰত থকা আপৰ সাংসদ সঞ্জয় সিঙেক ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰিবলৈ বিশেষ জামিন প্ৰদান কৰিছিল। ২০১৯ ৰ নিৰ্বাচনত নিৰ্বাচিত বিজেপিৰ সাংসদ অতুল কুমাৰ সিং ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ কাৰাগাৰত আছিল। পৰৱৰ্তী সময়ত তেওঁ বিশেষ জামিন লৈ ২০২০ ত সাংসদ হিচাপে শপতগ্ৰহণ কৰিছিল।