ৰাষ্ট্ৰীয়

মিজোৰামত এ কে ছিৰিজৰ ৫০০ সতেজ গুলী জব্দ, গ্ৰেপ্তাৰ দুজন

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত দেওবাৰে বুজণ সংখ্যক গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলস্থিত বিএছ এফ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই আইজলৰ পৰা জব্দ কৰে এই গুলী সমূহ।

মুঠ ৪৯৬ টা সতেজ গুলী জব্দ কৰা বুলি জানিব পৰা গৈছে। গুলী সমূহ চেভেন পইন্ট ছিক্স টু এ কে ছিৰিজৰ বুলি বিএছ এফৰ এক সূত্ৰই সদৰী কৰিছে। এই বুজণ সংখ্যক গুলীৰ সৈতে ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গুলী সমূহ কি উদ্দেশ্যে অনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।