ৰাষ্ট্ৰীয়

কৰুণ! ৩ বছৰীয়া শিশুকে ধৰি এটা পৰিয়ালৰ ৭জন সদস্যৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাটৰ পৰা পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা এক ঘটনা। এটা পৰিয়ালৰে ৭ জনকৈ লোকে একেলগে ল'লে চৰম সিদ্ধান্ত। ৮ বছৰৰ তলৰ ৩ টা শিশুকে ধৰি পৰিয়ালটোৰ ৭ জনকৈলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে পোহৰলৈ আহে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুইচাইড নোট।

আৰক্ষীয়ে জনোৱা অনুসৰি, শুকুৰবাৰে মাজ নিশা পৰিয়ালৰ এজন সদস্যই ফাচী লগোৱাৰ পূৰ্বে তেওঁৰ পত্নী, তিনিটা সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃক বিহ দি হত্যা কৰে। শিশুকেইটাৰ ভিতৰত ৩ আৰু ৫ বছৰৰ দুটি কন্যা আৰু ৭ বছৰীয়া এটা পুত্ৰ সন্তান আছে।

পৰিয়ালটো চুৰাটৰ পালানপুৰৰ সিদ্ধেশ্বৰ এপাৰ্টমেণ্টত বাস কৰিছিল। ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চুইচাইড নোট উদ্ধাৰ কৰিছে। য'ত লিখা আছে- পৰিয়ালে ভুগি থকা আৰ্থিক সমস্যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰোবাক যথেষ্ঠ পৰিমাণৰ ধন পৰিশোধ কৰিব আছিল বুলিও নোটখনত উল্লেখ আছে।

ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা লোকজন ৩৭ বছৰীয়া মনীষ চোলাংকী বুলি চিনাক্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।