ৰাষ্ট্ৰীয়

মন্দিৰ দৰ্শন কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল'লে ৯ তীৰ্থযাত্ৰীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ পথ দুৰ্ঘটনাত কেইবাগৰাকী তীৰ্থযাত্ৰী নিহত হয়। বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ ঠোৰাগড় জিলাৰ মুন্সিয়াৰী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে মুন্সিয়াৰী অঞ্চলৰ প্ৰায় ৬০০ মিটাৰ দ' খাদ এটিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাহনখন পিচলি পৰে। নেৰা-নেপেৰা বৰষুণৰ বাবে পথটো পিচল হৈ থকাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশৰ মন্তব্য।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিচতে আৰক্ষী,এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰকাৰী দল উপস্থিত হয়। জিলা দণ্ডাধীশ ৰিনা যোশীয়ে সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা উল্লেখ কৰে।

দুৰ্ঘটনাৰ ফলত ৯ গৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, তীৰ্থযাত্ৰী কেইজন হোক্ৰাৰ কোকিলা দেৱী মন্দিৰলৈ গৈ আছিল।