''দেউতা মোক ক্ষমা কৰিবা, মই নোৱাৰিলো''- হতাশা, মানসিক চাপৰ চৰম পৰিণতি... 
ৰাষ্ট্ৰীয়

''দেউতা মোক ক্ষমা কৰিবা, মই নোৱাৰিলো''- হতাশা, মানসিক চাপৰ চৰম পৰিণতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'দেউতা মোক ক্ষমা কৰিবা, মই নোৱাৰিলো...'। এজন মৃত ছাত্ৰৰ শৰীৰ কাষত পৰি থকা এটা কাগজৰ টোকাত লিখা আছিল এই শাৰীটো। ঘটনা ৰাজস্থানৰ কোটা। শুকুৰবাৰে কোটাত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। এয়া চলিত বছৰত কোটাত সংঘটিত হোৱা ষষ্ঠটো আত্মহত্যাৰ ঘটনা।

বিহাৰৰ এই ছাত্ৰজন আছিল জে ই ইৰ পৰীক্ষাৰ্থী। বিহাৰৰ ভাগলপুৰ জিলাৰ বাসিন্দা অভিষেক কুমাৰ জে ই ইৰ প্ৰস্তুতিৰ বাবে গৈছিল ৰাজস্থানৰ কোটালৈ। কোটাৰ বিজ্ঞান নগৰ অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰিছিল তেওঁ।

আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে পুৱা এই ভাড়াঘৰৰ পৰাই অভিষেকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি তেওঁৰ বিহপান কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে তেওঁ ক'ৰ পৰা বিহ আনিলে তাৰো তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে এখন চুইছাইড নোট। তাত লিখা আছে- দেউতা মই দুঃখিত। মোক ক্ষমা কৰি দিব। মই জে ই ই কৰিব নোৱাৰিম।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে অভিভাৱকৰ হাতত গতাই দিয়া হ'ব অভিষেকৰ মৃতদেহ। আৰক্ষীয়ে মৃত অভিষেকৰ বন্ধুৰ সৈতেও কথা পাতিছে।

অভিষেকৰ বন্ধুৱে জনোৱা অনুসৰি যোৱা এমাহ ধৰি তেওঁ অন্যমনস্ক আৰু মন মাৰি থাকিছিল। তেওঁ বন্ধুৰ সৈতেও বেছি কথা পতা নাছিল। ২৯ জানুৱাৰী আৰু ১৯ ফেব্ৰুৱাৰীত আছিল প্ৰশিক্ষণৰ পৰীক্ষা। এই পৰীক্ষাতো বহা নাছিল অভিষেক। সেয়ে আৰক্ষীয়ে জনোৱা অনুসৰি মানসিক চাপ সহ্য কৰিব নোৱাৰিয়েই তেওঁ এই চূড়ান্ত সিদ্ধান্ত ল'লে।

উল্লেখ্য যে, ৰাজস্থানৰ কোটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেন্দ্ৰ হিচাপে দেশজুৰি বিখ্যাত। আই আই টিত ভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ পৰা আৰম্ভ ৰপি ইঞ্জীনিয়াৰিং, চিকিৎসক হোৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিং হাব কোটা। এই কোটাত ভিৰ কৰেহি দেশৰ হাজাৰ হাজাৰ মেধা শিক্ষাৰ্থীয়ে।

ইয়াৰ মাজতে বহু শিক্ষাৰ্থীয়ে মানসিক চাপ সহ্য কৰিব নোৱাৰি চৰম হতাশাত ভূগিবলগীয়া হৈছে। এনে চাপ আৰু হতাশাৰ বাবে চলিত বছৰতেই ৬ জনকৈ শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। ইয়াৰ পূৰ্বে ২০২৩ চনত ২৯ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল। ২০২২ চনত কোটাত আত্মহত্যা কৰিছিল ১৫ জন শিক্ষাৰ্থীয়ে।