ভাৰতত প্ৰৱেশৰ বাবে কোচবিহাৰ সীমান্তত পুৱাৰে পৰা ভিৰ কৰিছে বাংলাদেশীয়ে... 
ৰাষ্ট্ৰীয়

ভাৰতত প্ৰৱেশৰ বাবে কোচবিহাৰ সীমান্তত পুৱাৰে পৰা ভিৰ কৰিছে বাংলাদেশীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে নিশা ৮ বজাত মহম্মদ ইউনুছৰ নেতৃত্বত নতুন চৰকাৰ গঠন হ'ল যদিও দেশখনত এতিয়াও শান্তিৰ পৰিবেশ ঘূৰি অহা নাই। এনে এক অস্থিৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই দেশখনৰ সংখ্যালঘুসকলক সকলো প্ৰকাৰে সুৰক্ষা দিয়াৰ কথা অন্তৱৰ্তীকালীন চৰকাৰে ঘোষণা কৰিছে যদিও দেশখনৰ ঠায়ে ঠায়ে সংখ্যালঘুসকল আক্ৰমণৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত ভাৰত-বাংলাদেশৰ সীমান্তৰ কাষৰ একাংশ লোকে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আহিছে। দুদিন পূৰ্বে পশ্চিমবংগৰ সীমান্তত বাংলাদেশৰ একাংশ নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ত বি এছ এফে বাধা প্ৰদান কৰাৰ পাছত বিজিবিয়ে এই লোকসকলক সীমান্তৰ পৰা ঘূৰাই নিছিল।

আজি পুনৰ সীমান্তত এক বৃহৎ সংখ্যক বাংলাদেশী লোকে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰাৰ খবৰ আহিছে। সীমান্তৰ কাষত অৱস্থান কৰা এই বাংলাদেশী লোকসকলে আনকি ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীৰ সৈতেও হতাহতিত লিপ্ত হোৱা বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

সংবাদ সংস্থা এ এন আইয়ে প্ৰচাৰ কৰা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে সীমান্তৰ জিৰ’ পইণ্টত বৃহৎ সংখ্যক বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ অপেক্ষা কৰি আছে। এই দলটোত শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ লোক আছে।

কোচবিহাৰৰ ছিতলকুছিৰ পাঠানতুলিৰ কাষৰ জিৰ’ পইণ্টত অৱস্থান কৰা এই বাংলাদেশী লোকসকলৰ সন্দৰ্ভত স্থানীয় এগৰাকী ভাৰতীয় নাগৰিকে কয়, পুৱা ৯/৯-৩০ বজাৰ পৰা বহু বাংলাদেশী নাগৰিকে সীমান্তত অৱস্থান কৰে। এই ভিৰ এতিয়া অৱশ্যে কিছু কমিছে। তাৰে অলপ এতিয়াও সেই স্থানতে আছে। হঠাৎ তেওঁলোকে এনেকৈ ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ বাবে এক নিয়ম আছে।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ভাৰত চৰকাৰে অতি সতৰ্কতাৰে প্ৰতিটো খোজ দিছে। সীমান্তৰে ১৯৭১ ৰ দৰে বাংলাদেশী প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিছে। ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰি সীমান্তৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

অসমৰ গাতে লাগি থকা সীমান্তৰ ক্ষেত্ৰতো একেই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই সন্দৰ্ভত বৃহস্পতিবাৰেই অসম আৰক্ষীৰ স্থিতিৰ সন্দৰ্ভত স্পষ্ট ঘোষণা কৰিছে।

তেওঁ সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে কয় যে, ভাৰতীয় পাছপোৰ্ট থকা লোকসকলকহে নিৰ্ধাৰিত নিয়মৰ মাজেৰে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। তেওঁ কয় বাংলাদেশত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। যোৱা মাহত অসমৰ ৬০ জন শিক্ষাৰ্থীসহ ৭৮ জন ব্যক্তি বাংলাদেশৰ পৰা অসমলৈ উভতি আহিছিল। যিসকলৰ হাতত ভাৰতীয় পাছপোৰ্ট আছে তেওঁলোকক হে অসমত প্ৰৱশ কৰিবলৈ দিম। বাকী কোনো ব্যক্তিকে অসমত প্ৰৱেশ কৰিবলৈ নিদিওঁ।

উল্লেখ্য যে, অসমৰ চাৰিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ, ধুবুৰী আৰু দক্ষিণ শালমৰা বাংলাদেশৰ সৈতে সংযুক্ত হৈ আছে। সেয়ে বাংলাদেশৰ অস্থিৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পৰাই অসম আৰক্ষীয়েও এই সীমান্তত সতৰ্কতা অৱলম্বন কৰিছে।

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়, যোৱা তিনিদিনি ধৰি আমি নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণত ৰাখিছোঁ। যেতিয়াই পৰা বাংলাদেশত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে তেতিয়াই আমি সকলো সাংসদৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ সৈতে আলোচনাত মিলিত হৈছিলোঁ। এই ভিডিঅ’ কনফাৰেঞ্চত কেন্দ্ৰীয় গৃহ সচিব, বি এছ এফ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।

তেওঁ কয়, সীমান্তত বি এছ এফৰ সৈতে অসম আৰক্ষীয়ে সুৰক্ষাৰ বাবে অৱস্থান কৰিছে। বহু ঠাইত যুটিয়াভাৱে টহলৰ ব্যৱস্থা কৰা হৈছে।