ফ্ৰী ফায়াৰ গেম হেকিঙক লৈ বিবাদঃ চাৰি কিশোৰে হত্যা কৰিলে বন্ধুক... 
ৰাষ্ট্ৰীয়

ফ্ৰী ফায়াৰ গেম হেকিঙক লৈ বিবাদঃ চাৰি কিশোৰে হত্যা কৰিলে বন্ধুক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ফ্ৰী ফায়াৰ গেমছৰ আই ডি হেকিঙক লৈ সংঘটিত বিবাদৰ ভয়ংকৰ পৰিণতি। ৪ বন্ধুৰ হাতত প্ৰাণ গ'ল নাবালকৰ। এই ঘটনা সংঘিটিত হৈছে মুৰ্ছিবাদৰ ফৰাক্কাত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৪ বন্ধুক।

জানিব পৰা মতে মুৰ্ছিদাবাদৰ ফৰাক্কা বান্ধ প্ৰকল্পৰ আৱাসৰ ৯ নম্বৰ ব্লকৰ এটা পৰিয়ালৰ সন্তান পাপাই দাসক তেওঁৰ ৪ বন্ধুৱে হত্যা কৰিছে। বিগত কিছুদিন ধৰি পাপাই দাস নিৰুদ্দেশ হৈ আছিল।

এই সন্দৰ্ভত পৰিয়ালৰ লোকো আৰক্ষীকো অৱগত কৰিছিল। পৰিয়ালৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তেওঁৰ চাৰি বন্ধুক সোধপোছ কৰে। এই চাৰিও বন্ধুৰ বক্তব্যৰ মাজত কোনো সাদৃশ্য নথকাত আৰক্ষীয়ে ঘটনাৰ আঁৰৰ সত্য উদঘাটনৰ চেষ্টা কৰে।

তাৰ মাজতে সোমবাৰে ঘোইৰাপাৰা-নিছিন্দ্ৰা নাও ঘাটৰ ৮ নং খণ্ডৰ ফিডাৰ কেনেলৰ কাষৰ এক জংঘলত এট অৰ্ধজ্বলিত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত গৈ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ইয়াৰ পাছতে নিৰুদ্দিষ্ট পাপাইৰ পৰিয়ালে এই মৃতদেহ পাপাইৰ বুলি চিনাক্ত কৰে। উদ্ধাৰ হোৱা মৃতদেহটোৰ মুখত আঘাতৰ চিন স্পষ্ট। দেহৰ নিম্নাংশ নাই। জানিব পৰা মতে পাপাই আৰু তেওঁৰ চাৰি বন্ধু অনিক কৰ্মকাৰ (১৬), ৰৌচন জমাদাৰ (১৭), আব্বাছ শেখ (১৮) আৰু শুভ্ৰজিৎ মাঝি (১৬) আছিল মোবাইল গেম আসক্ত।

আৰক্ষীৰ ভাষ্য অনুসৰি অনিক কৰ্মকাৰাৰ এটা ফ্ৰী ফায়াৰ আই ডি আছিল। সেই ফ্ৰী ফায়াৰ আইডি ২০০০ টকাত ক্ৰয় কৰিছিল পাপাইয়ে। পৰৱৰ্তী সময়ত অনিকে পাপাইৰ পৰা পুনৰ সেই আইডি ব্যৱহাৰ কৰিবলৈ বিচাৰে আৰু পাপাই তেওঁক সেই আই ডি দিয়ে।

ইয়াৰ পিছতে ৰৌচনৰ সহযোগিতাত অনিকে গোটেই আই ডি খেলিমেল কৰে। ফলত তেওঁলোকৰ মাজত আৰম্ভ হয় কাজিয়াৰ সূত্ৰপাত। চাৰিও বন্ধুৱে মিলি প্ৰহাৰ কৰে পাপাইক।

জানিব পৰা মতে তেওঁলোকে প্ৰথমে পাপাইক প্ৰহাৰ কৰি হত্যা কৰে। ইয়াৰ পিছত তেওঁৰ মৃতদেহ জংঘলত পেলাই দিয়ে। কিন্তু ধৰা পৰাৰ ভয়ত ৬০ টকাৰ পেট্ৰ'ল ক্ৰয় কৰি আনি পাপাইৰ দেহত ঢালি জ্বলাই দিয়ে। অৱশ্যে এই চাৰি বন্ধুৰ শেষ ৰক্ষা নহ'ল। চাৰিও বন্ধু এতিয়া আৰক্ষীৰ কৱলত।