ৰাষ্ট্ৰীয়

মণিপুৰৰ পিছত এইবাৰ ৰাজস্থানত নাৰীক কৰোৱা হ’ল নগ্ন পেৰেড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৱা মে’ মাহত মণিপুৰত সংঘটিত নাৰকীয় ঘটনাই কপাই তুলিছিল সমগ্ৰ ভাৰতক। দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱা ঘটনাই লজ্জানত কৰি তুলিছিল বিশ্বৰ সভ্যসমাজক। সেই ঘটনা কথা সকলোৰে মানসপটত সজীৱ হৈ থকাৰ মাজতেই পুনৰ অনুৰূপ ঘটনাই সংঘটিত হ’ল ৰাজস্থানত।

ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এগৰাকী জনজাতীয় মহিলাক বৃহস্পতিবাৰে স্বামীয়ে মাৰপিট কৰি উলংগ কৰি নিজৰ গাঁৱৰ মাজেৰে পেৰেড কৰোৱা এক তথ্য যোৱা নিশা ৰাজস্থান আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই আক্ৰমণৰ এক চাঞ্চল্যকৰ ভিডিঅ’ ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  উক্ত ভিডিঅ’টোত নিজকে মহিলাগৰাকীৰ স্বামী বুলি দাবী কৰা এজন লোকে ২১ বছৰীয়া মহিলাগৰাকীক তেওঁলোকৰ ঘৰৰ বাহিৰত কাপোৰ খুলি উলংগ কৰি পেৰেড কৰাই থকা আৰু মহিলাগৰাকীয়ে সহায় বিচাৰি আৰ্তনাদ কৰি থকা দেখা গৈছে।

আৰক্ষীৰ মতে, মহিলাগৰাকীৰ স্বামীয়ে  মহিলাগৰাকী ওপৰত আন এজন পুৰুষৰ সৈতে সম্পৰ্কত থকাৰ অভিযোগ উত্থাপিত কৰিছে, যাৰ ফলস্বৰুপেই মহিলাগৰাকীৰ ওপৰত এই আক্ৰমণৰ সূচনা হৈছিল। আজি পুৱা এজন আৰক্ষী বিষয়াই জনোৱা মতে, তিনিজন লোকক আটক কৰা হৈছে আৰু কেইঘণ্টামানৰ ভিতৰতে কিছু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰই প্ৰদাল কৰা তথ্য অনুসৰি বিবাহিত মহিলাগৰাকী অন্য এজন পুৰুষৰ সৈতে বসবাস কৰি থকাৰ বাবে মহিলাগৰাকীৰ শহুৰৰ পৰিয়াল অসন্তুষ্ট হৈ মহিলাগৰাকীক অপহৰণ কৰি নিজৰ গাঁৱলৈ লৈ গৈ এই ঘটনা সংঘটিত কৰে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ছটা দল গঠন কৰা হৈছে আৰু প্ৰতাপগড়ৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে গাঁওখনত কেম্পিং কৰি আছে বুলি শীর্ষ আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে এটা টুইটযোগে  গৰিহণা দি কয় যে, সভ্য সমাজত এনে ঘৃণনীয় কাৰ্যৰ কোনো স্থান নাই। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ইতিমধ্যেই ঘটনাস্থলীত গৈ বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। দোষীক ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি ফাষ্ট ট্ৰেক ক'ৰ্টত শাস্তি দিয়া হ’ব।

ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য কংগ্ৰেছ মন্ত্ৰীসকলৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি বিজেপিৰ মুৰব্বী জে পি নাড্ডাই কয় যে, ৰাজ্যখনত মহিলাৰ সুৰক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে। নাড্ডাই লগতে কয় যে ৰাজস্থানৰ জনসাধাৰণে ৰাজ্য চৰকাৰক উচিত শিক্ষা দিব। উল্লেখ্য যে, চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত নিৰ্বাচন অনুস্থিত হোৱাৰ কথা।