ৰাষ্ট্ৰীয়

আতিশীলৈ অফাৰ! ''বিজেপিত যোগদান কৰক, নহ'লে আপোনাৰ ঘৰত ইডিয়ে অভিযান চলাব''

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ বিশিষ্ট নেত্ৰী অতিশীয়ে মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰি বিজেপিৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আতিশীয়ে কয় যে, মোৰ অতিকে ঘনিষ্ঠলোকৰ দ্বাৰা বিজেপিয়ে মোক এক অফাৰ দিছে। বিজেপিয়ে কৈছে, বিজেপিত যোগদান কৰক নহ'লে ১ মাহৰ ভিতৰত ইডিয়ে আপোনাৰ ঘৰত অভিযান চলাব আৰু গ্ৰেপ্তাৰ কৰিব। বিজেপিৰ উদ্দেশ্য এয়াই যে আহি থকা দুটা মাহৰ ভিতৰত মোক, সৌৰভ ভৰদ্বাজ, ৰাঘৱ চড্ডা আৰু দুৰ্গেশ পাঠকক গ্ৰেপ্তাৰ কৰিব।

তেওঁ কয়, নেতৃত্ব কৰি থকা প্ৰথম শাৰীৰ নেতা- অৰবিন্দ কেজৰিৱাল, মনিষ ছিচদিয়া, সঞ্জয় সিং আৰু সৈতেন্দ্ৰ জৈনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এতিয়া এই সকল নেতা জেলত আছে। এই চাৰিজনৰ পাছত এতিয়া পুনৰ আন ৪ জন নেতাক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে।

আমি অৰবিন্দ কেজৰিৱালৰ চিপাহী। বিজেপিয়ে ভাবুকি দিলেই আমি ভয় নাখাও। দ্বিতীয় শাৰীৰ নেতৃত্ব দিয়া নেতাসকলক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰি দিছে। তেওঁলোকে ভাবিছিল অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছত আপ ধ্বংস হৈ যাব। কিন্তু দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত হোৱা ৰেলীৰ পাছত বিজেপিয়ে ভাবিছে আপৰ শীৰ্ষ ৪জনক নেতাক গ্ৰেপ্তাৰ কৰায়েই যথেষ্ঠ নহয়। গতিকে আহি থকা সময়ত আৰু নেতাক গ্ৰেপ্তাৰ কৰিব।

উল্লেখ্য যে, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ ইডিৰ জিম্মাত আছিল যদিও ১ এপ্ৰিলত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান তিহাৰ জেলত আছে অৰবিন্দ কেজৰিৱাল।