'কা'ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আছু... 
ৰাষ্ট্ৰীয়

'কা'ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আছু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১১ মাৰ্চ, ২০২৪ ত দেশজুৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ কাৰ্যবিধি জাৰি কৰাৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে অসমত প্ৰতিবাদ আৰম্ভ হৈছে। আইনখনৰ কাৰ্যবিধি ঘোষণা হোৱাৰ লগে লগে ১১ মাৰ্চৰ সন্ধিয়াৰে পৰা অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন দল, সংগঠনে প্ৰতিবাদ কৰাৰ সমান্তৰালকৈ ১২, মাৰ্চ মঙ্গলবাৰেও প্ৰতিবাদ অব্যাহত আছে।

তাৰ মাজতেই অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাই এই আইনৰ কাৰ্যবিধিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই আইনখনক অসাংবিধানিক, সাম্প্ৰদায়িক, খিলঞ্জীয়া বিৰোধী আখ্যাৰে এই আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই।

সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি দিল্লীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীক প্ৰক্যাহ্বান জনাই আৱেদন দাখিল কৰিছে। উল্লেখ্য যে, এই আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে সমগ্ৰ দেশৰ পৰা ২০০ ৰো অধিক আৱেদন দাখিল হোৱাৰ লগতে কেৱল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰাই এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈ আছে ৫০ খনৰো অধিক আৱেদন।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এই আইনৰ বিৰুদ্ধে গোচৰৰ শুনানি আৰম্ভ হৈছে। ন্যায়ালয়ৰ বিচাৰাধীন এনে এটা জটিল বিষয়ক নিৰ্বাচনক প্ৰাক্ষণত চৰকাৰে পুনৰ জটিলতাৰ মাজলৈ লৈ যোৱা বিষয়টো সমালোচিত হৈছে সৰ্বত্ৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবিধান, ন্যায়ালয়ক অসন্মানৰো অভিযোগ উঠিছে দেশজুৰি। অৱশ্যে এতিয়া লক্ষ্যণীয় হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ এই আৱেদনক উচ্চতম ন্যায়ালয়ে কিদৰে লয়।