ৰাষ্ট্ৰীয়

এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান : আজি দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে আদিত্য এল-১

Asomiya Pratidin

ডিজিটেল ডেস্ক : চন্দ্ৰৰ পিছত এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান। শনিবাৰে দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে যাত্ৰা কৰিব আদিত্য এল-১ নামৰ মহাকাশযানখনে। চন্দ্ৰ অভিযানৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল।

ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আদিত্য এল-১ নামৰ মহাকাশযানখন। দিনৰ ১১ বাজি ৫০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা সূৰ্য অভিমুখে মহাকাশযানখন উৎক্ষেপন কৰা হ'ব।

আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই যানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।

উল্লেখযোগ্য যে, ইছৰ'ৰ বাবে এয়া হ'ব প্ৰথম সূৰ্য অভিযান। সূৰ্য অভিযান সফলতাৰ বাবে দেশজুৰি পূজা-অৰ্চনা আগবঢ়োৱা হৈছে।

আনহাতে এই অভিযানত জড়িত হৈ আছে এগৰাকী অসমীয়া বিজ্ঞানী। তেওঁ হৈছে যোৰহাটৰ যোৰহাট বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ ঐশ্বন্যা শৰ্মা।

সূৰ্যৰ জটিল প্ৰক্ৰিয়া বিলাক অধ্যয়ন কৰিবৰ বাবে অসমৰ ঐশ্বন্যা শৰ্মাক নিয়োগ কৰা হৈছে। লগতে সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব। উল্লেখ্য যে, ড০ শৰ্মা ২০১৫ চনৰ পৰাই এই প্ৰকল্পৰ সৈতে তেওঁ জড়িত হৈ আছে।