ৰাষ্ট্ৰীয়

হঠাৎ বাতিল এয়াৰ ইণ্ডিয়াৰ প্রায় ৭০খন বিমান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তিৰুৱন্তমপুৰমত হঠাৎ বাতিল হৈছে এয়াৰ ইণ্ডিয়াৰ প্রায় ৭০খন বিমানৰ চলাচল। ইয়াৰ পিছতেই হাহাকাৰ লাগিছে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীৰ বিমান যাত্রীৰ মাজত।

কোনো আনুষ্ঠানিক জাননী অবিহনে এয়াৰ ইণ্ডিয়াই বিমান যাত্রা বাতিল কৰিছে। জানিব পৰা মতে ২৫০গৰাকী কেবিন ক্রুৰ ধৰ্মঘটৰ বাবে বাতিল কৰা হৈছে বিমান কেইখন। কোম্পানীয়ে প্রদান কৰা ভাট্টাৰ বিৰোধিতাৰে ধৰ্মঘট কৰিছে এয়াৰ ইণ্ডিয়াৰ ২৫০জন কৰ্মচাৰীয়ে। এই ধৰ্মঘটৰ পিছতেই হাহাকাৰ লাহিছে বিমান যাত্রীসকলৰ মাজত।