গৃহমন্ত্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, নেফিও ৰিঅ'ৰ বৈঠকঃ আঁৰত আছিল এইবোৰ কাৰণ...  
ৰাষ্ট্ৰীয়

গৃহমন্ত্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, নেফিও ৰিঅ'ৰ বৈঠকঃ আঁৰত আছিল এইবোৰ কাৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হঠাৎ ডিব্ৰুগড়ৰ পৰা বাহিৰে বাহিৰে দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত উপস্থিত হৈয়ে সাক্ষাৎ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহক। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে একেলগে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ল চুবুৰীয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'।

মূলত অসম আৰু নাগালেণ্ডৰ স্থায়ী শান্তি আৰু দুয়োখন ৰাজ্যৰ ভূমি বিবাদৰ সমস্যাৰ সমাধানৰ বাবেই এই বৈঠক অনুষ্ঠিত হৈছিল বুলি জানিব পৰা গৈছে। বৈঠকত দীৰ্ঘদিন ধৰি চলি অহা অসম আৰু নাগালেণ্ডৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে উপায় বিচাৰি উলিওৱা হৈছে বুলি সূত্ৰত প্ৰকাশ।

একেদৰে অসমৰ আলফাৰে বহু চৰ্চিত শান্তি আলোচনাৰ প্ৰক্ৰিয়াও অন্ত পৰিছে। এতিয়া কেৱল বাকী আনুষ্ঠানিকতাহে। ইতিমধ্যে এই চুক্তিৰ খচৰা প্ৰস্তুত কৰা হৈছে। মুলতঃ অসম চুক্তিৰ ৬ নং দফাক সন্মুখত ৰাখি তৈয়াৰ কৰা এই খচৰাই হয়তো চূড়ান্ত ৰূপ লাভ কৰিব।

শীঘ্ৰেই আলফাৰে দিল্লীত শান্তি আলোচনা কাৰ্যকৰী কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই চলিত ডিচেম্বৰ মাহত নতুবা লোকসভা নিৰ্বাচনৰ আগে আগে আলফাৰে শান্তি চুক্তি সম্পন্ন হ'ব বুলি মন্তব্য কৰিছে। গতিকে আজিৰ বৈঠকত এই চুক্তিৰ বাবে নিৰ্দিষ্ট দিন সম্পৰ্কেও আলোচনা হোৱা বুলি অনুমান কৰা হৈছে।

একেদৰে নাগালেণ্ডৰ শান্তি স্থাপনৰ বাবে এন এছ চি এনৰে চলি থকা আলোচনা তথা নগা ফ্ৰেম ৱৰ্ক সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা নথকা নহয়। এই নাগা ফ্ৰেম ৱৰ্ক অনুসৰি অসমৰ বৃহত্তৰ অঞ্চল গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্ত হৈছে।

গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্ত হোৱা এই জিলাসমূহৰ একাধিক অঞ্চলত নাগাই অনাধিকাৰ প্ৰৱেশ কৰি অসমৰ ভূমি বেদখল কৰাৰ লগতে বিস্তৰ ক্ষতি কৰি আহিছে। প্ৰায়ে অসমৰ বাসিন্দাৰ সৈতে এই অঞ্চলসমূহত নাগাৰ সংঘাত চলি আহিছে।

গতিকে দুয়োজন মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই বিষয়সমূহ আলোচনা হৈছে। বিশেষকৈ নাগালেণ্ডৰ সীমামূৰীয়া জিলা গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু কাৰ্বি আংলংৰ একাধিক অঞ্চলত সঘনে চলি আহিছে এনে সংঘৰ্ষ।

অৱশ্যে আজিৰ এই বৈঠকে দুয়োখন ৰাজ্যৰ এই সীমা বিবাদ কিমানদূৰলৈ নিস্পত্তি কৰাত সহায় কৰিব পাৰে সেয়া সময়েহে ক'ব।