ৰাষ্ট্ৰীয়

মোডীয়ে উত্তৰ-পূৱক ভাৰতৰ হৃদয়ৰ সৈতে সংযোগ কৰাৰ চেষ্টা চলাই আছেঃ অমিত শ্বাহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে অনাস্থা প্ৰস্তাৱক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰৰ বিৰুদ্ধে মণিপুৰ প্ৰসংগক লৈ বিৰোধীয়ে এই প্ৰস্তাৱ আনে। এই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিয়েই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি মন্তব্য কৰে।

এই অনাস্থা প্ৰস্তাৱৰ ওপৰত মন্তব্য আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও। তেওঁ অনাস্থা প্ৰস্তাৱৰ উদ্দেশ্য কেৱল বিভ্ৰান্তি সৃষ্টি কৰা বুলি উল্লেখ কৰি কয় যে, তেওঁলোকে কৃষক অথবা দৰিদ্ৰলোক কাৰোৱেই লগত সম্পৰ্ক বন্ধুত্বপূৰ্ণ নহয়। তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ বাহিৰে আন কাৰো বিষয়ে চিন্তা নকৰে।

তেওঁ কয় যে, কংগ্ৰেছৰ শাসনকালত মণিপুৰত অজস্ৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তথাপিও কোনো গৃহমন্ত্ৰীয়ে তালৈ যোৱা নাছিল। মই তাত ৩ দিন থাকি আহিলো আৰু আমাৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় ২৩ দিন ধৰি তাত একেৰাহে থাকিলে।

মই মণিপুৰৰ দুয়োটা সম্প্ৰদায়ক হিংসা ত্যাগ কৰিবলৈ হাত জোৰ কৰি অনুৰোধ জনাইছো। অনুগ্ৰহ কৰি ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজলৈ আহক আৰু মণিপুৰক প্ৰগতি আৰু সমৃদ্ধিৰ পথলৈ ঘূৰাই অনাৰ উপায় বিচাৰত সহায় কৰক।

বিৰোধীৰ মোডীৰ ওপৰত আস্থা নাথাকিব পাৰে। ভাৰতৰ জনসাধাৰণৰ আছে। প্ৰায় ১৪ খন দেশত প্ৰধানমন্ত্ৰী মোডীয়ে সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰিছে। এন ডি এ দেশত সদায় স্থিৰভাৱে শাসন কৰি আহিছে। কিন্তু বিৰোধীয়ে সদায় অশান্তি কৰে।

মোডী চৰকাৰে মণিপুৰৰ হিংসা ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰো বিতং বিৱৰণ দিয়ে। তেওঁ কয় যে, মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ হৃদয়ৰ সৈতে সংযোগ কৰিবলৈ কাম কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিমানবন্দৰ, ৰেলপথ আৰু পথ নিৰ্মাণ কৰা হৈছে। যাৰ ফলত দূৰত্ব হ্ৰাস হৈছে। মোডীজীয়ে আৱেগিক দূৰত্ব হ্ৰাস কৰাৰ বাবেও কাম কৰিছে। মোডীজীয়ে ৯ বছৰত ৫০ বাৰতকৈও অধিক উত্তৰ-পূৱ ভ্ৰমণ কৰিছে।

কংগ্ৰেছক কটাক্ষ কৰি শ্বাহে কয়, "কংগ্ৰেছে সদায় কয় যে তেওঁলোকে কৃষকসকলৰ ঋণ মুক্ত কৰিব। ১০ বছৰৰ শাসনকালত কিমান ঋণ ৰেহাই দিলে তেওঁলোকে? ৭০,০০০ কোটি টকা। আমি ঋণ ৰেহাইৰ ললিপপ দিয়াত বিশ্বাস নকৰোঁ। আমি ডিবিটিৰ জৰিয়তে কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ ২,৪০,০০০ কোটি টকা প্ৰেৰণ কৰিছো।

তেওঁ লগতে কয় যে এবাৰ এজন প্ৰধানমন্ত্ৰীয়ে কৈছিল যে তেওঁলোকে কেন্দ্ৰৰ পৰা এক টকা প্ৰেৰণ কৰে। কিন্তু দৰিদ্ৰলোকে মাত্ৰ ১৫ পইচাহে পায়। কোটি কোটি টকা কেলেংকাৰী কৰা বিৰোধীয়ে নিজৰ নাম সলনি কৰিব লাগে।

ইয়াৰোপৰি আৰু এন ডি এ আৰু বিৰোধীক তুলনা কৰি বহু মন্তব্য কৰে শ্বাহে। শেষত মণিপুৰৰ জনতাক শান্তিৰ বাবে কেন্দ্ৰৰ লগত আলোচনাৰ মজিয়াত আহিবলৈ আহ্বান জনায়।