জেপি নড্ডাৰ ঘৰলৈ অমিত শ্বাহঃ যিকোনো পৰিস্থিতিত চৰকাৰ গঠন কৰিবলৈ সাজু... 
ৰাষ্ট্ৰীয়

জেপি নড্ডাৰ ঘৰলৈ অমিত শ্বাহঃ যিকোনো পৰিস্থিতিত চৰকাৰ গঠন কৰিবলৈ সাজু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভোটগণনা অব্যাহত থকাৰ মাজতে জে পি নড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত অংশ ল'বলৈ নড্ডাৰ ঘৰত উপস্থিত হৈছে অমিত শ্বাহ।

উল্লেখ্য যে, এক্সিট পোলে বিজেপিয়ে প্ৰায় ৪০০ আসনৰে চৰকাৰ গঠন কৰিব বুলি পূৰ্বানুমান কৰিছিল যদিও আজি ফলাফলত তাৰ এক বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত বিজেপি ২৩৯ খন আসনত আগবাঢ়ি আছে। সামগ্ৰিকভাৱে এন ডি এ ২৯৫ খন আগবাঢ়ি থকাৰ লগতে ইণ্ডিয়া ২৩১ খন আসনত আৰু অন্যান্য ১৭ খন আসনত আগবাঢ়ি আছে।

এনে পৰিস্থিতিত ইণ্ডিয়া গোটে আন কেইবাটাও দলৰ সৈতে চৰকাৰ গঠনৰ বাবে আলোচনা চলাইছে বুলি খবৰ আহিছে। চৰ্চা চলিছে নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী প্ৰস্তাৱ দি দলটোৰ সমৰ্থন বিচাৰিছে কংগ্ৰেছে।

এনে পৰিস্থিতিত যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ, চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি। সেই বাবেই এই বৈঠক আহ্বান কৰিছে বিজেপিয়ে।