হায় গণতন্ত্ৰ ! লোকসভাত বিৰোধীয়ে নোৱাৰে, অমিত শ্বাহে যি ইচ্ছা তাকেই কৰিব পাৰে ! 
ৰাষ্ট্ৰীয়

হায় গণতন্ত্ৰ ! লোকসভাত বিৰোধীয়ে নোৱাৰে, অমিত শ্বাহে যি ইচ্ছা তাকেই কৰিব পাৰে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিসময়ত সংসদত হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰাৰ বাবে ১৪৩ জনকৈ সাংসদক নিলম্বন কৰা হৈছে, প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰাৰ বাবে সাংসদৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ৰাজ্যসভাৰ অধ্যক্ষৰ মিমিক্ৰী কৰাৰ বাবে সাংসদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীকে ধৰি শাসকীয় পক্ষৰ সকলোৱে একেমুখে ধিক্কাৰ দিছে সেই সময়তে খুদ গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰত নিজৰ ভাষণত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক কৰা অপমানত ৰং চালে শাসক গোষ্ঠীয়ে।ইয়াৰ বিৰুদ্ধে কোনেও এষাৰো মাত নামাতিলে।

অমিত শ্বাহে কৰা সেই মন্তব্য এতিয়া দেশজুৰি ভাইৰেল হৈ পৰাই নহয় প্ৰকৃততে সংসদৰ ভিতৰত কি হৈ আছে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। লোকসভাত বুধবাৰে উত্থাপন কৰা হৈছিল তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক।

ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক। এই তিনিওখন বিধেয়ক উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, 'ইটালীয়ান মানসিকতা'ই এই তিনিওখন বিলৰ তাৎপৰ্য বুজি নাপাব।

অমিত শ্বাহে এইদৰে ইটালীয়ান মানসিকতাৰ লোক বুলি ছোনিয়া গান্ধীকেই যে আক্ৰমণ কৰিছে সেয়া বুজিবলৈ কাৰো কষ্ট হোৱা নাই। ইটালীত জন্মগ্ৰহণ কৰা ছোনিয়া গান্ধী বিবাহপাশত আৱদ্ধ হৈছিল ৰাজীৱ গান্ধীৰে।

ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাছতে তেওঁ লৈছিল কংগ্ৰেছৰ নেতৃত্ব। তেওঁৰ নেতৃত্বতে বিজেপিক আঁতৰাই কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল মনমোহন সিঙে।

শেহতীয়াকৈ সংসদত অমিত শ্বাহে কৰা মন্তব্যত এতিয়া সামাজিক মাধ্যমতো বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। একাংশৰ যুক্তি ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচানে নিৰ্বাচিত হোৱা বিষয়টোক জোৰদাৰ প্ৰচাৰ চলাইছিল বিজেপিয়ে।

একেদৰে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হোৱা কমলা হেৰিছ নিৰ্বাচিত হওঁতেও আনন্দত আত্মহাৰা হৈছিল। কিন্তু ছোনিয়া গান্ধীয়ে ভাৰতলৈ বিয়া হৈ আহি প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপে আৰু পৰৱৰ্তী সময়ত ভাৰতৰ ৰাজনীতিৰ অবিচ্ছেদ্য অংশ হৈ পৰাটোত আপত্তি কৰিবলগীয়া কি আছে?