অৱশেষত গ্ৰেপ্তাৰ হ'ল খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙক... 
ৰাষ্ট্ৰীয়

অৱশেষত গ্ৰেপ্তাৰ হ'ল খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল খালিস্তানৰ সমৰ্থক অমৃতপাল সিং। পঞ্জাৱৰ আজনালা আৰক্ষী থানা আক্ৰমণৰ এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ লগতে আন ৬ সহযোগীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি খালিস্তানীৰ সমৰ্থক অমৃতপাল সিঙক আজি জলন্ধৰৰ মেহতপুৰ নামৰ গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে পঞ্জাৱ আৰক্ষীয়ে যুদ্ধ সদৃশ প্ৰস্তুতি চলাবলগীয়া হৈছিল।

তেওঁ জলন্ধৰৰ পৰা কোনো এক অনুষ্ঠানৰ দিশে গৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে প্ৰায় ১০০ খন বাহনেৰে তেওঁক পাছে পাছে খেদি যায়। আৰক্ষীৰ এই যুদ্ধংদেহী ৰূপ দেখি তেওঁৰ দলটো পলায়নৰ চেষ্টা কৰে যদিও জলন্ধৰৰ কাষৰ এটা অঞ্চলৰ পৰা অমৃতপাল সিং আৰু তেওঁৰ ৬ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগে লগে জলন্ধৰত আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। উল্লেখ্য যে, কানাডাৰ পৰা আহি পঞ্জাৱত আশ্ৰয় লোৱা অমৃতপাল সিং ৱাৰিছ পাঞ্জাৱ ডে নামৰ সংগঠনটোৰ মুৰব্বী।

সংগঠনটোৰ এজন নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতে যোৱা ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে অমৃতপাল সিং আৰু তেওঁৰ সংগঠনৰ এটা বৃহৎ দলে হাতে হাতে অস্ত্ৰ লৈ আজনালা আৰক্ষী থানা আক্ৰমণ কৰি সতীৰ্থজনক আৰক্ষীৰ জিম্মাৰ পৰা উলিয়াই আনিছিল। এই সন্দৰ্ভত অমৃতপাল সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।