ৰাষ্ট্ৰীয়

দেখাত অতিকে সাধাৰণ ! এনেকৈয়ে ষ্টেচনত ৰে'লৰ অপেক্ষা প্ৰাক্তন মন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নীলা জেকেট পৰিহিত এজন ব্যক্তিয়ে এগৰাকী মহিলা আৰু এটি শিশুৰ লগত অপেক্ষা কৰি আছে ৰে'লৰ বাবে। ৰে'ল ষ্টেচনত বহি থকা এই মানুহজনৰ ছবিখন ছ'চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।

এই লোকজন এগৰাকী প্ৰাক্তন মন্ত্ৰী। নাম অশোক গজপতি ৰাজু। প্ৰাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰীগৰাকীয়ে সাধাৰণ লোকৰ দৰে পত্নী আৰু সন্তানৰ সৈতে হায়দৰাবাদ ৰে'ল ষ্টেচনত ৰেলৰ বাবে অপেক্ষা কৰি আছে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৰলতাই মানুহৰ মন মুহি পেলাইছে। যাৰ বাবে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ফটোখন।

এক্সত এই ফটোখন শ্বেয়াৰ কৰিছে তেলেগু দেশম পাৰ্টীয়ে। লগতে লিখিছে যে, 'অশোক গজপতি ৰাজু। হায়দৰাবাদ ৰেল ষ্টেচনত সাধাৰণ মানুহৰ দৰে ঘৰলৈ উভতি যোৱাৰ বাবে অপেক্ষা কৰি আছে। এয়া তেওঁৰ সততা আৰু সত্যৰ প্ৰতীক। তেওঁ সদায় মানুহৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া কৰে। ক্ষমতাই কেতিয়াও তেওঁক ভ্ৰষ্টাচাৰ কৰিব নোৱাৰিলে'।

উল্লেখ্য যে,অন্ধ্ৰপ্ৰদেশ ৰাজনীতিৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল গজপতি ৰাজু। ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে মোডী চৰকাৰৰ মন্ত্ৰী আছিল তেওঁ। ছ'চিয়েল মিডিয়াত এই ফটোৰ ওপৰত এতিয়া বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।