ৰাষ্ট্ৰীয়

৫৫ বছৰীয়া হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী নেতাজন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ৫৬তম জন্মদিন। ১৯৬৮ চনৰ ১৬ আগষ্টত হাৰিয়ানাৰ ভিৱানীত জন্ম গ্ৰহণ কৰা কেজৰিৱালে জীৱনৰ ৫৫টা বৰ্ষ অতিক্ৰম কৰি ৫৬টা বৰ্ষত দিয়ে। দেশৰ ৰাজনৈতিক মহলৰ বহু নেতাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও জন্মদিনৰ শুভেচ্ছা তথা অভিনন্দন জনালে অৰবিন্দ কেজৰিৱালক।

পিছে জন্মদিনৰ দিনটোত কেজৰিৱালে স্মৰণ কৰিলে সহকৰ্মী মনীষ চিছোদিয়াক। সামাজিক মাধ্যমত আৱেগিক প'ষ্ট লিখি তেওঁৰ অনুপস্থিতি অনুভৱ কৰাৰ কথা ব্যক্ত কৰে কেজৰিৱালে। প'ষ্টটোত তেওঁ উল্লেখ কৰে যে- এটা মিচা গোচৰৰ বাবেহে তেওঁৰ সহকৰ্মী, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ চিছোদিয়াই জে'ল খাটিবলগীয়া হৈছে।

চিছোদিয়াক দিল্লী সুৰা কেলেংকাৰীৰ সন্দৰ্ভত কাৰাগাৰত বন্দী কৰি ৰখাত তেওঁৰ জামিনৰ বাবে বহুবাৰ আপীল কৰাৰ পাছতো আদালতে প্ৰতিবাৰেই তেওঁৰ জামিনৰ আবেদন নাকচ কৰে বুলি উল্লেখ কৰে কেজৰিৱালে।

উল্লেখ্য জন্মদিনৰ দিনটোত কেজৰিৱালে ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰতিটো শিশুক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ বাবে সামৰ্থ্য অনুসৰি সকলোবোৰ কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে। তেওঁ এক শক্তিশালী ভাৰতৰ ভেটি স্থাপন কৰাৰ কথা অৱগত কৰি ভাৰতক বিশ্বৰ ১ নং স্থানত উপনীত কৰাৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলোৰে দিহা-পৰামৰ্শ তথা সহায় বিচাৰে।