অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চতুৰ্থখন চমনঃ ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ 
ৰাষ্ট্ৰীয়

অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চতুৰ্থখন চমনঃ ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত অৰবিন্দ কেজৰিৱাললৈ পুনৰ প্ৰৱৰ্তন সঞ্চালকালয়ে চমন জাৰি কৰিছে। পূৰ্বে ৩ খনকৈ চমন জাৰি কৰাৰ পাছতো কেজৰিৱাল ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত আছিল।

শনিবাৰে চতুৰ্থবাৰৰ বাবে ইডিয়ে কেজৰিৱাললৈ পুনৰ চমন জাৰি কৰি ১৮ জানুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। বিগত ৩ জানুৱাৰীত এই গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীক তৃতীয়খন চমন জাৰি কৰি তলব কৰিছিল ইডিয়ে।

সেই চমনক বেআইনী আখ্যা দি কেজৰিৱালে ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত আছিল। আম আদমি পাৰ্টীৰ ফালৰ পৰা জনোৱা হৈছিল কেৱল অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ উদ্দশ্যৰে তেওঁক এইধৰণে তলব কৰা হৈছে।

সেয়ে কেজৰিৱাল ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই। উল্লেখ্য যে, দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া আৰু আপৰ সাংসদ সঞ্জয় সিঙক ইতিমধ্যে দিল্লীৰ আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে।

আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলাইছে। ইণ্ডিয়া মিত্ৰজোঁটৰ লোকসভা নিৰ্বাচনৰ তৎপৰতাৰ মাজতে, কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰিব বুলিও চৰ্চা অব্যাহত আছে।

দলটোৰ নেতা আতিশী মাৰ্লেনাই পূৰ্বেই কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছিল। আন এজন আপ নেতা ৰাঘৱ চাড্ডায়ো বিজেপিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে বুলি মন্তব্য কৰিছিল।

শনিবাৰে ইডিয়ে পুনৰ চমন জাৰি কৰাত এতিয়া এই আশংকা অধিক বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে কেজৰিৱাললৈ ইডিয়ে ২ নৱেম্বৰ, ২১ ডিচেম্বৰ আৰু ২২ ডিচেম্বৰত চমন জাৰি কৰিছিল। এই তিনিওখন চমনৰ কোনো সহাৰি নিদিলে কেজৰিৱালে। এতিয়া চতুৰ্থখন চমনৰ ওপৰত কেজৰিৱালে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।