কি হ'ব ভৱিষ্যত? অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানিত ন্যায়ালয়ে আজি নিদিলে সিদ্ধান্ত... 
ৰাষ্ট্ৰীয়

কি হ'ব ভৱিষ্যত? অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানিত ন্যায়ালয়ে আজি নিদিলে সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিও উচ্চতম ন্যায়ালয়ে মঙ্গলবাৰে কোনো সিদ্ধান্ত প্ৰকাশ নকৰিলে। অৱশ্যে উচ্চতম ন্যায়ালয়ে সংকেত দিয়ে যে, আগন্তুক সময়ত এই সন্দৰ্ভত শুনানি প্ৰদান কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে দিল্লীৰ সুৰা নীতি সৈতে জড়িত ধনৰ লেনদেনৰ গোচৰত অৰবিন্দ কেজৰিৱালে দাখিল কৰা জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ইডিকো প্ৰশ্ন কৰিছে। ইডিৰ ফালৰ পৰা ন্যায়ালয়ত যুক্তি দিয়া দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ বিৰোধিতা কৰিছে।

তেওঁ ন্যায়ালয়ত কয়, ইয়াৰ জৰিয়তে জনসাধাৰণলকৈ ভুল বাৰ্তা যাব। ইয়াৰ প্ৰত্যুত্তৰত ন্যায়ালয়ে কয়, আমি অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিবলৈ এইবাবে বিচাৰ কৰা নাই কিয়নো তেওঁ এগৰাকী মুখ্যমন্ত্ৰী।

উল্লেখ্য যে, ২১ মাৰ্চত দিল্লীৰ চৰকাৰী গৃহৰ পৰা ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক ইডিৰ গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ কৰা আবেদন অগ্ৰাহ্য কৰিছিল।

ইডি আৰু চি বি আইৰ অভিযোগ দিল্লী চৰকাৰে ইয়াৰ আবকাৰী নীতিৰ জৰিয়তে অনুজ্ঞাপ্ৰাপ্ত ব্যৱসায়ীসকলক উৎকোচ লৈ অযথা লাভালাভ প্ৰদান কৰিছে। অৱশ্যে আম আদমী পাৰ্টিয়ে এই অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে।