ৰাষ্ট্ৰীয়

বিজেপিৰ দখললৈ যোৱাৰ দিশে ৰাজস্থানঃ পদত্যাগ কৰিব মুখ্যমন্ত্ৰী অশোক গেহলোটে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া পদত্যাগ কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে। সূত্ৰ অনুসৰি জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৫ মান বজাত ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰিব অশোক গোহলোটে।

বিজেপিৰ দখললৈ যোৱাৰ দিশে ৰাজস্থান। ১১৯ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে। দুপৰীয়াৰ ভাগলৈ ১১ খন আসনত জয়ী হোৱাৰ লগতে ১০৩ খন আসনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে কংগ্ৰেছে ২ খন আসনত জয় লাভ কৰাৰ লগতে অগ্ৰগতি লাভ কৰি আছে ৬৮ খনত।

ৰাজ্যখনত ২০০ খন বিধানসভা আসন আছে যদিও কৰনপুৰ সমষ্টিত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিৰ মৃত্যুৰ বাবে উক্ত আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত নহ'ল।

দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ থকা বসুন্ধৰা ৰাজে মুখ্যমন্ত্ৰীৰ দৌৰত শীৰ্ষস্থানত আছে। বসুন্ধৰা ৰাজে ৰাজ্যখনৰ দলটোৰ অন্যতম জনপ্ৰিয় নেতা। নিৰ্বাচনৰ পূৰ্বে কৰা কেইবাটাও জৰীপত ৰাজ্যখনৰ ২৭ শতাংশ লোকে বিশ্বাস কৰিছিল যে যদি এইবাৰ বিজেপি জয়ী হয় তেন্তে মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে হ'ব ।