ৰাষ্ট্ৰীয়

'এয়া ৰাজনীতি কৰাৰ সময় নহয়' মমতা বেনাৰ্জীক সকিয়াই দিলে ৰে'ল মন্ত্ৰীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উৰিষ্যাত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰায় ২৮৮ গৰাকীকেৈ লোকে প্ৰাণ হেৰুওৱা উপৰিও এই দুৰ্ঘটনাত প্ৰায় ৯০০ ৰো অধিকলোক আহত হৈছে।

এই দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে এগৰাকীৰ পাছত আন এগৰাকী ৰাজনৈতিক নেতা। ৩ জুনত উৰিষ্যাৰ বালাছোৰত উপস্থিত হৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী গৰাকীয়ে তীব্ৰ কটাক্ষ কৰিছিল ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক।

ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্তি কৰি অশ্বিনী বৈষ্ণৱে কয় যে, এয়া ৰাজনীতি কৰাৰ সময় নহয়। সকলো পুনৰুদ্ধাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰহে সময় এয়া। মমতা বেনাৰ্জীয়ে ঘটনাস্থলী পৰিদৰ্শনৰ সময়ত মৃত্যু সংখ্যা ভুল হোৱা বুলি কৈছিল। তেওঁ কৈছিল যে ৰে'ল দুৰ্ঘটনাত ৫০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। গতিকে ভালদৰে হিচাপ কৰিব লাগে।

উল্লেখ্য যে, উৰিষ্যাৰ বালাছোৰত ৩খন ৰে'লৰ সংঘৰ্ষৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। বৰ্তমান ঘটনাস্থলীত ৰে'ললাইন মেৰামতি কৰিবৰ বাবে পূৰ্ণগতিত কাম চলি আছে।