ৰাষ্ট্ৰীয়

এখন গাঁৱৰ প্ৰতিঘৰ লোকেই কোটিপতি...

হিমাচলৰ টকাৰ বৰষুণ বোৱা এখন গাঁও! প্ৰতিজন লোকেই কোটিপতি

Asomiya Pratidin

ডিজিটেল ডেস্ক: এছিয়াৰ ধনী গাঁও খনৰ কথা আপুনি জানেনে? কেনেকৈ বাৰু ধনী গাঁৱলৈ পৰিণত হ'ল গাঁও খন? ক'ত আছে সেই ধনী গাঁও খন?

হিমাচলৰ টকাৰ বৰষুণ বোৱা এখন গাঁও। প্ৰতিজন লোকেই কোটিপতি। ছিমলাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়া মহাদেশৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃত মাদাভাগ (Madavag Village) গাঁও। এই গাওঁখনৰ লোকৰ জীৱনশৈলী কথা জানিলে আপুনিও হয়তো আচৰিত হ’ব। কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ বিলাসী ঘৰ আৰু দামী বাহন দেখি আপুনি ভাবিব নোৱাৰে যে তেওঁলোকৰ জীৱিকা খেতি।

হয়, ২৩০টা পৰিয়াল থকা এই গাঁওখনৰ সৌভাগ্য কঢ়িয়াই আনিছে উদ্যান শস্যৰ খেতিৰে। গাওঁখনৰ বাসিন্দাসকলে বছৰি ১৭৫ কোটি টকাৰ আপেল বিক্ৰী কৰে। গতিকে গাঁওখনৰ প্ৰতিজন কৃষক কোটিপতি। গাঁওখনৰ কৃষক পৰিয়ালসমূহৰ বাৰ্ষিক আয় ৩৫ৰ পৰা ৮০ লাখ টকা। এই কাৰণেই এতিয়া এই গাঁওখন এছিয়াৰ আটাইতকৈ ধনী গাঁও (Asia Richest Village) হিচাপে স্বীকৃতি লাভ কৰিছে।