সুৰা নীতিৰ গোচৰৰ দীঘলীয়া শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আজি নহ'ল অসমৰ 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি... 
ৰাষ্ট্ৰীয়

সুৰা নীতিৰ গোচৰৰ দীঘলীয়া শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আজি নহ'ল অসমৰ 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল হোৱা অসমৰ কেইবাখনো আবেদনৰ শুনানি আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সুৰা নীতি সম্পৰ্কীয় এক বিশেষ গোচৰৰ দীঘলীয়া শুনানিৰ বাবে অসমৰ 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব নোৱাৰিলে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে ১১ মাৰ্চত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়ম জাৰি কৰা হৈছিল।

ইয়াৰ পিছতে এই অধিনিয়মৰ বিৰোধিতা তথা স্থগিতাদেশ বিচাৰি সমগ্ৰ দেশৰ পৰা উচ্চতম ন্যায়ালয়ত শতাধিক আবেদন দাখিল হৈছিল। এই আবেদনসমূহৰ পৰা উচ্চতম ন্যায়ালয়ে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে ৰাখি আন প্ৰান্তৰ আবেদনসমূহৰ ওপৰত শুনানি গ্ৰহণ কৰে। অসম আৰু ত্ৰিপুৰাৰ আবেদনৰ শুনানিৰ বাবে দিন ধাৰ্য কৰা হৈছিল ৯ এপ্ৰিল।

সেই অনুসৰিয়েই আজি অসম আৰু ত্ৰিপুৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৯ জনীয়া বিচাৰপীঠে ৰাজ্যসমূহে ঔদ্যোগিক সুৰা নীতি আৰু টেক্স নিয়ন্ত্ৰণ কৰিব পাৰিব নে নোৱাৰে সেই সন্দৰ্ভত এক গোচৰৰ দীঘলীয়া শুনানি গ্ৰহণ কৰাৰ বাবে অসমৰ 'কা' সম্পৰ্কীয় গোচৰৰ শুানিন গ্ৰহণ কৰিব নোৱাৰিলে। বুধবাৰেও সুৰা সম্পৰ্কীয় এই গোচৰৰ শুনানি অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

সেয়ে অসমৰ 'কা' সম্পৰ্কীয় গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন বুধবাৰে বিয়লিৰ ভাগত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। অসমৰ এই 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে। অসমত 'কা'ৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰিও অসম তথা উত্তৰ-পূবৰ আন কেইবাটাও দল-সংগঠনে।