বনবাসৰ পৰা উভতিব শ্ৰীৰামঃ অযোধ্যাত ৰাজকীয় আয়োজন... 
ৰাষ্ট্ৰীয়

বনবাসৰ পৰা উভতিব শ্ৰীৰামঃ অযোধ্যাত ৰাজকীয় আয়োজন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অযোধ্যাৰ সৰুযু নদীৰ পাৰত জ্বলিব ২৪ লাখ বন্তি।পোহৰৰ উৎসৱ দিপাৱলীৰ উপলক্ষত শনিবাৰে নিশা উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত এই মহা আয়োজন।

উল্লেখ্য যে, আৰু কিছু দিনৰ পাছতে উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ। ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে এইবাৰ দিপাৱলীক অধিক মনোৰম কৰি তোলাৰ প্ৰচেষ্টা লৈছে উত্তৰ প্ৰদেশ চৰকাৰে।

২৪ লাখ বন্তি প্ৰজ্বলনেৰে বিশ্ব ৰেকৰ্ড গঢ়িব অযোধ্যাত। উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত লোৱা এই পদক্ষেপ এতিয়া দেশজুৰি চৰ্চাৰ কাৰণ হৈ পৰিছে। এই একেখন চৰকাৰে ২০২২ ৰ দিপাৱলীত ১৬ লাখ বন্তি প্ৰজ্বলন কৰি এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।

এইবাৰে ২৪ লাখ বন্তি জ্বলাই নিজৰেই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিব যোগী আদিত্য নাথৰ চৰকাৰে। এই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে জনাইছে, এই বছৰ দিপাৱলীৰ জাকজমকতাত অযোধ্যাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ হ'ব। আসন্ন ৰাম মন্দিৰ উদ্বোধন পৰ্ব। সেয়ে এই দিপাৱলী বিশেষ গুৰুত্বপূৰ্ণ।

দিপাৱীৰ প্ৰাকক্ষণত সমগ্ৰ অযোধ্যাকে আলোকেৰে সজাই তোলা হৈছে। লেজাৰ লাইটৰ পৰা বিভিন্ন সৰু-বৰ লাইটে শুভা বৰ্ধন কৰিছে অযোধ্যাৰ।

দিপাৱলীৰ সৈতে ৰামায়ণৰ কাহিনী জড়িত হৈ আছে। সেয়ে দিপাৱলীৰ প্ৰাক সন্ধিয়া অযোধ্যাত অনুষ্ঠিত কৰা হৈছে এক বিশেষ অনুষ্ঠান। য'ত ১৪ বছৰীয়া বনবাস সামৰি শ্ৰীৰাম চন্দ্ৰ, সীতা দেৱী আৰু লক্ষ্মণ ঘূৰি অহাৰ কাহিনী নাটকীয় ভাবে উপস্থাপন কৰা হ'ব।

এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। অযোধ্যা চহৰত শনিবাৰে নিশা লাইট এণ্ড চাউণ্ড শ্ব'ৰো আয়োজন কৰা হৈছে। এই শ্ব'ত খৰচ কৰা হ'ব প্ৰায় ২০ কোটি টকা।

উত্তৰ প্ৰদেশৰ প্ৰশাসনৰ দাবী এই অনুষ্ঠানত দৰ্শকে ভৰি পৰিব। চৰকাৰৰ ফালৰ পৰা এক শুভা যাত্ৰাৰো আয়োজন কৰা হৈছে। এই শুভাযাত্ৰাত ১৬ খন এনে বাহন থাকিব য'ত ৰামায়ণৰ বিভিন্ন কাণ্ডৰ বৰ্ণনা কৰা হ'ব।

উত্তৰ প্ৰদেশৰ সাধাৰণ লোককো এই ৰাজকীয় উৎসৱত অংশগ্ৰহণৰ সুযোগ দিয়া হৈছে। দিপাৱলী উপলক্ষত যি ২৪ লাখ বন্তি জ্বলোৱা হ'ব সেই বন্তি স্থানীয় লোকে ক্ৰয় কৰি দিব পাৰিব।

ইয়াৰ এটাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৫১ টকা। ৫১ টা বন্তি ক্ৰয় কৰিলে দিব লাগিব ১১০০ টকা। এইদৰে উত্তৰ প্ৰদেশ চৰকাৰক বন্তি ক্ৰয় কৰি দি উৎসৱৰ অংশ হ'ব পাৰিব সাধাৰণ জনতা।