পশ্চিমবংগত ভোটগ্ৰহণৰ সমানে সমানে চলিছে গুলী, বাৰুদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ... 
ৰাষ্ট্ৰীয়

পশ্চিমবংগত ভোটগ্ৰহণৰ সমানে সমানে চলিছে গুলী, বাৰুদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ব্যাপক হিংসাত্মক ঘটনাৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত সংঘটিত হোৱাৰ দৰেই আজি পুৱাৰে পৰাও বিভিন্ন স্থানত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

বহু কেইখন জিলাৰ পৰা পুৱাৰে পৰা উত্তেজনাৰ খবৰ আহিছে। কোচবিহাৰৰ ছিতাই বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নম্বৰ ব্লকৰ ৬/১৩০ বৰভিট চৰকাৰী প্ৰাইমেৰী স্কুলত গোটেই নিশা সংঘাতৰ খবৰ পোৱা গৈছে। আজি পুৱা এই বুথত অগ্নি সংযোগ কৰাৰো অভিযোগ উঠিছে।

কেৱল সেয়াই নহয়, ভোটগ্ৰহণ কেন্দ্ৰটোৰ বেলট পেপাৰ ফালি পেলোৱা হৈছে। এনে উত্তপ্ত আৰু সংঘাতৰ সৃষ্টি হোৱা ভোট গ্ৰহণকেন্দ্ৰ সমূহ আৰু সেই অঞ্চলসমূহ ৰাজ্যখনৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে পৰিভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। ইফালে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছতে পুনৰ গুলী চালনা সংঘটিত হৈছে।

চাকমাৰিয়াত সংঘটিত হোৱা এই গুলী চালনাত দুজন আই এছ এফ কৰ্মী গুলীবিদ্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালকৈ মুৰ্ছিদাবাদৰ ইছলামপুৰত বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে।

এই ঘটনাটোত কংগ্ৰেছ কৰ্মী ইছাক শ্বেখকে ধৰি দুজন লোক আহত হোৱাৰ খবৰ আহিছে। উল্লেখ্য যে, বংগৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰীয় সুৰক্ষা বাহিনী, ৰাজ্যিক আৰক্ষীৰ সুৰক্ষাৰ মাজত অনুষ্ঠিত হৈছে। এনে উত্তজনাৰ মাজতো অৱশ্যে বীৰভূমত বীৰভূমত পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহৰ সন্মুখত দীঘলীয়া শাৰী দেখা পোৱা গৈছে।

আনহাতে, ৰেজিনগৰ, তুফানগঞ্জ আৰু খাৰগ্ৰামত তৃণমূল কংগ্ৰেছৰ কৰ্মীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত দলটোৱে টুইট কৰিছে। ইফালে চিপিআই(এম)ৰো এগৰাকী প্ৰাৰ্থীক দিনহাটাত আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উঠিছে।

অভিযোগ অনুসৰি এইগৰাকী প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ কৰি ঘৰটো ভাঙি পেলাইছে। প্ৰহাৰ কৰিছে প্ৰাৰ্থীগৰাকীৰ মাতৃক। আনহাতে বিজেপিৰ গোৱালপুকুৰ-৩ মণ্ডল সমিতিৰ সভাপতি সুৰজিৎ বিশ্বাসে অভিযোগ কৰিছে যে, দুৰ্বৃত্তই ইছলামপুৰ উপ-বিভাগৰ গোৱালপোখৰ-২ খণ্ডৰ চাহাপুৰ অঞ্চলৰ ১৬৮ নম্বৰৰ বুথত প্ৰিজাইডিং বিষয়াৰ পৰা ২০০ খন বেলট কাঢ়ি লৈছে।

পুৱা ৭ বজাতেই বোমা নিক্ষেপৰ ঘটনাত উত্তপ্ত হৈ উঠিছে মুৰ্ছিদাবাদ। মুৰ্ছিবাদাৰ ডাঙ্গাপাৰা অঞ্চলৰ হুলাছ পৌৰসভা বুথৰ সন্মুখত বথ দখলক কেন্দৰ কৰি বোমা নিক্ষেপ আৰম্ভ হয়।

চি পি এম বনাম তৃণমূল কংগ্ৰেছৰ এই সংঘৰ্ষত সমগ্ৰ অঞ্চলটো উত্তপ্ত হৈ পৰিছে। অভিযোগ অনুসৰি আৰক্ষীৰ সন্মুখতেই এইদৰে দুই পক্ষই বোমা নিক্ষেপ কৰিছে।

এইদৰেই এতিয়া ব্যাপক হিংসাত্মক ঘটনাৰ মাজেৰে বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে। উল্লেখ্য যে, মুঠ ৬০ হাজাৰ ৫৯৩ খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই ভোটগ্ৰহণৰ ফলাফল অহা ১১ জুলাইত প্ৰকাশ পাব।