ৰাষ্ট্ৰীয়

লালকৃষ্ণ আদবানীলৈ ভাৰত ৰত্নঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে এই সন্মান, উপস্থিত প্ৰধানমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা বিজেপিৰ বিশিষ্ট নেতা লাল কৃষ্ণ আদৱানীক দেওবাৰে ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে তেওঁক বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে। এই সময়চোৱাত ৰাষ্ট্ৰপতিগৰাকীৰ সংগ দিয়ে উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বহু কেইগৰাকী বিশিষ্ট নেতাই।

শাৰীৰিক অসুস্থতাৰ বাবে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল আদবানী। যাৰ বাবে আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে।

উল্লেখ্য যে, ৩০ মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত ৪গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰে। ইয়াৰ ভিতৰত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰন সিং, প্ৰাক্তন প্ৰধানমন্ত্ৰী পিবি নৰসিংহা, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু কৃষি বিজ্ঞানী এমএছ স্বামীনাথনম।