১ জুলাইৰ পৰা আঁতৰিব IPC : কাৰ্যকৰী হ'ব ৩ খন নতুন আইন... 
ৰাষ্ট্ৰীয়

১ জুলাইৰ পৰা আঁতৰিব IPC : কাৰ্যকৰী হ'ব ৩ খন নতুন আইন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হোৱাৰ লগতে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা তিনিখিন আইন ক্ৰমে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) -২০২৩ আইন অহা ১ জুলাই, ২০২৪ ৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ লগে লগে অতীত হৈ পৰিব আই পি চি বা ভাৰতীয় দণ্ডবিধি। ২৩ ফেব্ৰুৱাৰী শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এই সন্দৰ্ভত ৩ খন জাননী জাৰি কৰিছে।

উল্লেখ্য যে, কেন্দ্ৰত শাসনাধিস্ত বিজেপি চৰকাৰে ভাৰতত প্ৰচলিত তিনিখন ফৌজদাৰী আইনৰ স্থানত এই তিনিওখন নতুন আইন প্ৰৱৰ্তন কৰিছে। এই তিনিওখন নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰতত বিলুপ্তি হ'ব ভাৰতীয় দণ্ডবিধি (ইণ্ডিয়ান পেনেল ক'ড), ফৌজদাৰী বিধি (ক'ড অফ ক্ৰিমিনেল প্ৰচিডিউৰ) আৰু ভাৰতীয় সাক্ষ্য আইন (ইণ্ডিয়ান এভিডেঞ্চ এক্ট)।

নতুন ফৌজদাৰী আইন অনুসৰি এতিয়াৰে পৰা নাবালিকা ধৰ্ষণকাৰী আৰু দলবদ্ধভাৱে কোনো লোকক কৰা আক্ৰমণত মৃত্যু হ'লে এনে অপৰাধৰ শাস্তি হ'ব মৃত্যুদণ্ড। নিম্ন আদালতে যিকোনো গোচৰৰ বিচাৰ তিনি বছৰত শেষ কৰি ৪০ দিনৰ ভিতৰত চূড়ান্ত ৰায় শুনাব লাগিব।

নতুন আইন অনুসৰি কোনো অভিযুক্তক ৯০ দিনৰ ভিতৰত আদালতত হাজিৰ কৰা নহ'লে তেনে অভিযুক্তৰ অনুপস্থিতিতে বিচাৰ আৰম্ভ হ'ব। দোষী সাব্যস্ত হোৱা লোকে ৰায় ঘোষণাৰ ৭ দিনৰ ভিতৰত নিৰ্দোষিতাৰ আবেদন কৰাৰ বাবে সুযোগ লাভ কৰিব।

এই নতুন আইন অনুসৰি মহিলাই ঘৰৰ পৰাই গোচৰ দিব পাৰিব। অৱশ্যে আৰক্ষী ২৪ ঘণ্টাৰ ভিতৰত গৈ ঘটনাস্থলীত উপস্থিত হ'ব লাগিব। অভিযোগ দাখিলৰ ৩ দিনৰ ভিতৰতে গোচৰ পঞ্জীয়ন হ'ব লাগিব।

গাড়ীৰে খুন্দা মাৰি পলায়ন কৰা চালকে ১০ বছৰ আৰু খুন্দা মাৰি আহত কৰা লোকক চিকিৎসালয়লৈ নিয়া চালকৰ শাস্তি আধা হ'ব পাৰে। ঠিক একেদৰে অপৰাধীয়ে ৩০ দিনত দোষ স্বীকাৰ কৰিলেও শাস্তি আধা হ'ব।

কোনো লোকক মূৰত প্ৰহাৰ কৰিলেও তাৰ শাস্তি হ'ব ১০ বছৰ। এই নতুন ফৌজদাৰী আইনত সন্ত্ৰাসবাদৰ শাস্তিৰ বিষয়েও উল্লেখ কৰা হৈছে। সন্ত্ৰাসবাদৰ সংজ্ঞা ইয়াত নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি কোনো লোকে দেশৰ একতা অখণ্ডতা আৰু সুৰক্ষাক বিপদগ্ৰস্ত কৰিলেই সেয়া হ'ব সন্ত্ৰাসবাদ।

প্ৰচলিত ৰাষ্ট্ৰদ্ৰোহ আইনৰ স্থান ল'ব দেশৰ বিৰুদ্ধে অপৰাধ আইনে। নতুন আইনৰ জৰিয়তে মহিলা, শিশু, মানৱাধিকাৰ, সীমা সুৰক্ষা আৰু সেনাবাহিনীৰ বিৰুদ্ধে কৰা অপৰাধৰ শাস্তি কঠোৰ হ'ব।

স্মৰ্তব্য, এই তিনিওখন বিল লোকসভা আৰু ৰাজ্যসভাত এক বিতৰ্কিত পৰিস্থিতিৰ মাজেৰে গৃহীত হৈ যায়। সদনৰ সুৰক্ষা, নিৰাপত্তাৰ দাবীৰে আৰু লোকসভাত হোৱা স্ম'ক বোমাৰ আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ সংসদত বিৰোধীয়ে কৰা হুলস্থুলীয়া পৰিৱেশৰ বাবে দুয়োখন সদন মিলাই ১৪৩ গৰাকীকৈ সাংসদক নিলম্বিত কৰাৰ পাছত প্ৰায় বিৰোধী শূন্য সদনত গৃহীত কৰা হৈছিল এই তিনিওখন বিধেয়ক।

বিধেয়ক তিনিওখনৰ কেইটামান দিশ আলোচনাৰ বিষয়ে কপিল ছিবালৰ লগতে অধীৰ ৰঞ্জন চৌধুৰীয়ে আঙুলিয়াই দিছিল যদিও সেই বিষয়ে কোনো আলোচনাই নহ'ল। তাৰ মাজতে অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা-২০২৩ বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা-২০২৩ বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়)-২০২৩ বিধেয়কক সংবিধানৰ আত্মাৰ সৈতে তুলনা কৰিছিল।এই তিনিওখন আইনেই এতিয়া ১ জুলাই, ২০২৪ ৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব।