পাঁচ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী 
ৰাষ্ট্ৰীয়

পাঁচ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰতলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীগৰাকী ১৪ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ভাৰতত থাকিব।

উল্লেখ্য যে, ভূটানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত শ্বেৰিং টবগেৰ এয়াই প্ৰথম বিদেশ তথা ভাৰত ভ্ৰমণ হ'ব। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আহিব দেশখনৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্রী, শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্রী, উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰীৰ লগতে ভূটানৰ ৰজাঘৰৰ চৰকাৰৰ উচ্চপদস্থ কেইবাজনো বিষয়া।

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি দ্বিপাক্ষৈক বৈঠকতো অংশগ্ৰহণ কৰিব। চাৰি দনিয়ী এই কাৰ্যসূচীত তেওঁ ভাৰতৰ আন আন কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতেও বৈঠকত মিলিত হ'ব।

ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া ভূটানৰ এই প্ৰধানমন্ত্ৰী সৈতে আহিবলগীয়া দলটোৱে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক অধিক গাঢ় কৰিবলৈ চেষ্টা কৰিব বুলিও জানিব পৰা গৈছে।