ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ৰ ৰায় দানৰ পাছতেই সুখ ব্যক্ত বিলকিছ বানোৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ১১ জনকৈ অভিযুক্তৰ ক্ষমা খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। লগতে গুজৰাট চৰকাৰত কয় যে, এই অভিযুক্ত সকলক ক্ষমা কৰাৰ অধিকাৰ চৰকাৰৰ নাই। এই ৰায়ৰ পাছতে ১১ অভিযুক্তই ২ সপ্তাহৰ ভিতৰত আত্মসমৰ্পন কৰিব লাগিব আৰু তাৰপাছত তেওঁলোকক পুনৰ জেললৈ প্ৰেৰণ কৰা হ'ব।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত সুখ ব্যক্ত কৰি বিলকিছ বানোই অধিবক্তাৰ দ্বাৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে,আজি মোৰ বাবে সঁচাকৈয়ে নতুন বছৰ। এই ৰায়ৰ পাছতেই মোৰ চকুপানী ওলাইছে আৰু মই শান্তি পাইছো। মই আজি ডেৰ বছৰ পাছত প্ৰথমবাৰৰ বাবে হাঁহিছো। আজি মই মোৰ সন্তানক সাৱতি ধৰিছো। এনে অনুভৱ কৰিছো যে এটা ডাঙৰ শিলৰ বোজা দূৰ হৈছে। মই সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো ন্যায়ালয়ে মোক ন্যায়ৰ আশা দিছে।

উল্লেখ্য যে, গুজৰাটত ২০০২ চনত সংঘটিত দাংগাত গন ধৰ্ষণৰ বলি হোৱা বিলকিছ বানো আৰু তেওঁৰ পৰিয়ালৰ ৭ জন লোকক হত্যা কৰা ১১ অভিযুক্তক গুজৰাট চৰকাৰে ক্ষমা প্ৰদান কৰিছিল। ২০২২ চনৰ ১৫ আগষ্টত ক্ষমা প্ৰদান কৰা পাছত আটাইকেইজনে জামিন লাভ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তক সোমবাৰে খাৰিজ কৰে ন্যায়ালয়ে আৰু কয় যে চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ঘটনাৰ সময়ত বিলকিছ ২১ বছৰীয়া আৰু ৫ মাহৰ গৰ্ভৱতী আছিল। গোধৰা ট্ৰেইনত অগ্নিকাণ্ডৰ পাছত ২০০২ চনত বিলকিছৰ লগত দলবদ্ধ ধৰ্ষণ হৈছিল। লগতে হত্যাৰ বলি হোৱা পৰিয়ালৰ ৭ জন সদস্যৰ ভিতৰত তেওঁৰ ৩ বছৰীয়া এগৰাকী কন্যাও আছিল।