ৰাষ্ট্ৰীয়

বিজেপি ত্যাগ কৰিলে প্ৰাক্তন কেবিনেট মন্ত্ৰীয়ে, যোগদান কৰিব কংগ্ৰেছত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ সিং ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ প্ৰথম সম্প্ৰসাৰণত শপত গ্ৰহণ কৰা চাৰিজন কেবিনেট মন্ত্ৰীৰ ভিতৰত এজন আছিল। সোমবাৰে বিজেপিৰ পৰা পদত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী বীৰেন্দ্ৰ সিঙে। জানিব পৰা মতে মঙলবাৰে তেওঁ কংগ্ৰেছত যোগদান কৰিব।

বিজেপিত যোগদানৰ পূৰ্বে তেওঁ কেইবাবছৰ ধৰি কংগ্ৰেছৰ লগত জড়িত আছিল। তেওঁ কয় যে, ''মই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো। ইতিমধ্যে পদত্যাগ পত্ৰ মই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডালৈ প্ৰেৰণ কৰিছো। প্ৰাক্তন বিধায়িকা তথা মোৰ পত্নী প্ৰেম লতাইও বিজেপিৰ পৰা পদত্যাগ কৰিছে। কাইলৈ আমি কংগ্ৰেছত যোগদান কৰিম''।

ইয়াৰ পূৰ্বে তেওঁৰ পুত্ৰ বীজেন্দ্ৰ সিঙে ১০ মাৰ্চত বিজেপিৰ সাংসদ পদ ত্যাগ কৰিছিল আৰু কংগ্ৰেছত যোগদান কৰিছিল।