ৰাষ্ট্ৰীয়

ৰামচন্দ্ৰই খেলিব নিৰ্বাচন! অভিনেত্ৰী কংগনা ৰাণাৱতেও পালে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে বিজেপিয়ে জাৰি কৰিলে লোকসভা নিৰ্বাচনৰ বাবে পঞ্চমখন প্ৰাৰ্থী তালিকা। এই তালিকাত বিজেপিয়ে ১১১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। তাৰ ভিতৰত আছে কংগনা ৰাণাৱট, অৰুণ গোৱিল আদি।

বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। উত্তৰ প্ৰদেশৰ মেৰঠ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত অৰুণ গোবিলে।

ইয়াৰ বিপৰীতে পীলীভীতৰ পৰা বৰ্তমানৰ সাংসদ বৰুণ গান্ধীয়ে লাভ নকৰিলে টিকট। লগতে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং, অশ্বিনী চৌবেয়ে টিকট কৰ্তন কৰে বিজেপিয়ে।

উল্লেখ্য যে, বিহাৰত বিজেপিয়ে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষনা কৰিছে বিজেপিয়ে।