bjp  
ৰাষ্ট্ৰীয়

তিনিটা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ষষ্ঠখন প্ৰাৰ্থী তালিকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে বিজেপিয়ে প্রকাশ কৰিলে লোকসভা নিৰ্বাচনৰ বাবে ষষ্ঠখন প্রাৰ্থী তালিকা। তিনিটা সমষ্টিৰ বাবে প্রাৰ্থীৰ নাম ঘোষণা বিজেপিৰ।

মণিপুৰৰ বাবে এখন আসন,ৰাজস্থানৰ দৌছা আৰু কাৰুলী দলপুৰ আসনৰ প্রাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে। দৌছা লোকসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে কানহায়া লাল মীনাক , কাৰুলী দলপুৰ আসনৰ বাবে ইন্দু দেৱীক আৰু মণিপুৰৰ আসনখনৰ বাবে থাওনাওজাম বসন্ত কুমাৰ সিঙক প্রাৰ্থিত্ব প্ৰদান কৰে।