ৰাষ্ট্ৰীয়

নতুন যুগৰ ৰাৱণ,তেওঁ দুষ্ট, ধৰ্ম বিৰোধী, ৰাম বিৰোধীঃ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ : বিজেপিয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি তৈয়াৰ কৰিছে এখন পোষ্টাৰ। য'ত ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে। বিজেপিয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টাৰ খনত লিখা আছে - কংগ্ৰেছ দলে প্ৰযোজনা কৰা, নিৰ্দেশনা কৰিছে জৰ্জ চৰ্চ।

লগতে কেপছনত লিখিছে- ''নতুন যুগৰ ৰাৱণ । তেওঁ দুষ্ট। ধৰ্ম বিৰোধী। ৰাম বিৰোধী। তেওঁৰ লক্ষ্য হৈছে ভাৰতক ধ্বংস কৰা''। এই ফটোখনক লৈ এতিয়া কংগ্ৰেছ, বিজেপিৰ মাজত বাক-বিতণ্ডা বৃদ্ধি পাইছে।

বিজেপিয়ে এই পোষ্টটোত হাংগেৰী-আমেৰিকান ব্যৱসায়ী চৰ্চকো টাৰ্গেট কৰা দেখা যায়। পোষ্টটোত ৰাৱণৰ দৰেই ৰাহুল গান্ধীকো একাধিক মূৰেৰে দেখুওৱা হৈছে আৰু শৰীৰত কবচ পিন্ধি আছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে, "বিজেপিৰ অফিচিয়েল হেণ্ডেলৰ দ্বাৰা ৰাহুল গান্ধীক ৰাৱণ হিচাপে চিত্ৰিত কৰা গ্ৰাফিকৰ প্ৰকৃত অভিপ্ৰায় কি? ইয়াৰ স্পষ্ট উদ্দেশ্য হৈছে এজন কংগ্ৰেছ সাংসদ আৰু দলৰ এজন প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে হিংসা-বিদ্বেষ ৰখা। যাৰ পিতৃ আৰু আইতাক ভাৰতক বিভাজন কৰিব বিচৰা শক্তিয়ে হত্যা কৰিছিল।