ৰাষ্ট্ৰীয়

দিল্লীৰ ইজৰাইলী দূতবাসৰ কাষত বিস্ফোৰণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অজ্ঞাত ব্যক্তিয়ে ই-মেইলৰ জৰিয়তে মুম্বাইৰ এঘাৰ স্থানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ দিনটোতেই দেশৰ ৰাজধানী দিল্লীৰ এক গুৰুত্বপূৰ্ণ স্থানত বিস্ফোৰণ ঘটে। কটকটীয়া নিৰাপত্তাৰ মাজত থকা কূটনৈতিক এলেকা চাণক্যপুৰীত অৱস্থিত ইজৰাইলী দূতবাসৰ কাষতে মঙলবাৰে সন্ধিয়া বিস্ফোৰণ সংঘটিত হয়।

ঘটনা সংঘটিত হোৱাৰ পাছতে কোনোলোকে ফোন কৰি এই কথা আৰক্ষীক জনায়। ইজৰাইলী দূতবাসৰ পিছফালে থকা এটা খালী ঠাইত এই বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে ইয়াৰ ফলত কাৰো একো ক্ষয়-ক্ষতি হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন চিঠি আৰু পতাকা উদ্ধাৰ কৰিছে। চিঠিখনত ইজৰাইলীসকলৰ প্ৰতি ক্ষোভ ব্যক্ত কৰিছে। লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জনাই যে, চিচিটিভিৰ ফুটেজক দুজন সন্দেহযুক্ত লোক দেখা গৈছে। গতিকে এই কাণ্ডৰ লগত তেওঁলোক জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।