ৰাষ্ট্ৰীয়

পশ্চিমবংগত ভয়ংকৰ বিস্ফোৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্রাকক্ষণত পশ্চিমবংগত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা। পশ্চিম বংগৰ হুগলী জিলাত সোমবাৰে সংঘটিত হয় সন্দেহযুক্ত খাৰুৱা বোমা বিস্ফোৰণ।

বিস্ফোৰণত নিহত হয় এজন সাত বছৰীয়া এটি শিশু। লগতে গুৰুতৰভাৱে আহত হয় আন ২জন ল'ৰাও। আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।উল্লেখযোগ্য যে ল'ৰাকেইজনে এটা পুখুৰীৰ কাষত খেলি থকা অৱস্থাতে সংঘটিত হয় বোমা বিস্ফোৰণ ঘটনা।