ৰাষ্ট্ৰীয়

প্ৰেমৰ বাবে হৈছিল যৌন সম্পৰ্কঃ কিশোৰী ধৰ্ষণৰ অভিযুক্তক জামিন ন্যায়ালয়ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কিশোৰী ধৰ্ষণৰ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ আছিল যুৱকজনৰ বিৰুদ্ধে। বোম্বে উচ্চ ন্যায়ালয়ে এই ৰায় দান কৰি কয় যে প্ৰেম থকা বাবেহে ২৬ বছৰীয়া যুৱকজনে কিশোৰীগৰাকীৰ লগত যৌন সম্বন্ধ স্থাপন কৰিছিল। ইয়াক কামনা নাছিল। আনহাত বিৰোধী পক্ষই কয় যে, ভুক্তভোগী গৰাকীৰ বয়স ১৩ বছৰ। গতিকে তেওঁৰ সহমতি গুৰুত্বপূৰ্ণ নহয়।

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ উৰ্মিলা যোশী ফাল্কে কৈছিল যে, আৰক্ষীক ভাষ্য দিয়াৰ সময়ত কিশোৰীগৰাকীয়ে কৈছে যে তেওঁ নিজৰ ইচ্ছা মতে পিতৃ-মাতৃৰ ঘৰ এৰিছিল। অভিযুক্ত নিতিন ধাবেৰাওৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেইবাবে তেওঁৰ লগত আছিল।

ন্যায়ালয়ে এয়াও কৈছে যে কিশোৰীগৰাকী অভিযুক্তৰ লগত বিভিন্ন স্থানত আছিল। অভিযুক্তই তেওঁৰ লগত বলপূৰ্বকভাৱে সম্পৰ্ক স্থাপন কৰা নাই বুলি কিশোৰীগৰাকীয়ে উল্লেখ কৰিছে। কেৱল প্ৰেমৰ সম্পৰ্কৰ বাবেহে কিশোৰীগৰাকী অভিযুক্তৰ লগত গৈছিল।

ন্যায়ালয়ে লগতে কয় যে, ২৬ বছৰ কম সময়।গতিকে দুয়োৰে মাজত যৌন সম্পৰ্ক আকৰ্ষণৰ বাবেহে গৈছিল। এনে নহয় যে কামনা বা বাসনাৰ বাবে কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।

উল্লেখ্য যে, কিশোৰীগৰাকীৰ লগত যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৩ বছৰ আছিল। ২০২০ চনৰ ২৩ আগষ্টত কিশোৰীগৰাকী বান্ধৱীৰ ঘৰত গৈ ঘূৰি অহা নাছিল। তাৰ পাছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰলোকে।

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল আৰু ২০২০ চনৰ ৩০ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক। তেতিয়াৰ পৰা তেওঁ জেলত আছিল অভিযুক্ত।

ইফালে অভিযুক্তই ন্যায়ালয়ত আবেদন দাখিল কৰে যে কিশোৰীগৰাকীয়ে নিজৰ ইচ্চা মতে ঘৰ এৰি আহিছিল আৰু তেওঁ কোনো বলপূৰ্বকভাৱে সম্বন্ধ স্থাপন কৰা নাছিল। তাৰ পাছতে শুকুৰবাৰে জামিন লাভ কৰে অভিযুক্তই।