ৰাষ্ট্ৰীয়

নৃত্য কৰি থকাৰ মাজতেই হৃদৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নৃত্য কৰি থকাৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ এজন যুৱকৰ মৃ্ত্যু। গুজৰাটত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে গুজৰাটৰ লোক নৃত্য গৰ্বাৰ অনুশীলন কৰি থাকোতে যুৱকজন হৃদৰোগত আক্ৰান্ত হয়। বিনিত মেহুলভাই কুঁৱৰীয়া নামৰ যুৱকজনক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেতিয়ালাকৈ তেওঁৰ মৃত্যুক সাৱতি লৈছিল যুৱকজনে। সোমবাৰে গুজৰাটৰ জাম নগৰত সংঘটিত হৈছে এই ঘটনা।

যুৱকজন নৃত্যৰ প্ৰতি উৎসাহী আছিল। আগন্তুক নৱৰাত্ৰি উৎসৱৰ প্ৰস্তুতিৰ বাবে গৰবা অনুশীলন কৰি আছিল। কিন্তু তাৰ মাজতে তেওঁ মাটিত বাগৰি পৰিছিল। জানিব পৰা মতে যুৱকজন অসুস্থও নাছিল। কিন্তু হঠাতে হয় এই ঘটনা।ইয়াৰ ফলত পৰিয়ালৰটোৰ লগতে অঞ্চলটোত শোকৰ ছা পৰিছে।

যুৱকসকলৰ হৃদৰোগ সচৰাচৰ কাৰণবোৰৰ ভিতৰত আছে হৃদৰোগৰ পাৰিবাৰিক ইতিহাস, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ, জীৱনশৈলীৰ সমস্যা, মেদবহুলতা, চাপ, আৰু ব্যায়ামৰ অভাৱ আদি ।