কালীপূজাৰ অমাবস্যাৰ ৰাতি দুই ভাতৃ-ভগ্নীক দিলে নৰ বলি !  
ৰাষ্ট্ৰীয়

কালীপূজাৰ অমাবস্যাৰ ৰাতি দুই ভাতৃ-ভগ্নীক দিলে নৰ বলি !

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ মানৱ সমাজক কলংকিত কৰি এক ভয়ানক ঘটনা সংঘটিত কৰিলে এজন তান্ত্ৰিকে। অমাবস্যাৰ নিশা নৰ বলি দিলে তন্ত্ৰ সাধনাত সাফল্য লাভ কৰাৰ অন্ধ বিশ্বাসৰ গ্ৰাসত পৰি দুই শিশুক কালী পূজাৰ নিশাই বলি দিলে তান্ত্ৰিকে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ দেওবন্দ অঞ্চলত। আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে সন্ধিয়া গাঁৱৰ বাহিৰত শ্মশান অঞ্চলৰ এটা মন্দিৰলৈ গৈছিল ১১ বছৰীয়া দেৱ। তেওঁৰ লগত গৈছিল সম্পৰ্কীয় ৯ বছৰীয়া ভগ্নী মাহী।

কিন্তু তাৰ পাছত নিশা বহুলৈকে তেওঁলোকৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষী আৰু পৰিয়ালৰ সকলো সদস্যই গোটেই গাওঁ বিচাৰি চলাথ কৰাৰ লগতে কাষৰীয়া অঞ্চলতো বিচাৰে। কিন্তু দুয়োৰে সন্ধান নোলাল।

তাৰ মাজতেই হঠাৎ দেৱৰ মৃতদেহ গাওঁখনৰ এজন যুৱকৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত পথৰ ওপৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। ঠিক তাৰ পৰা কিছু আঁতৰত এটা পুখুৰী সদৃশ গাতত মাহীৰ মৃতদেহো উদ্ধাৰ কৰা হয়।

তাৰ পাছতেই আৰক্ষী আৰু ফৰেনছিকৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয়। দুয়োটা মৃতদেহৰে মৰণোত্তৰ পৰীক্ষা কৰাত তেওঁলোকৰ দেহৰ বহু হাড় ভঙা বুলি জানিব পাৰে। তাৰোপৰি মূৰত প্ৰচূৰ পৰিমাণে ৰক্তক্ষৰণো হয়।

আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰা অনুসৰি কোনো বাহনৰ খুন্দাত দুয়োটা শিশুৰ মৃত্যু হয়।কিন্তু সেই দাবী মানিবলৈ অস্বীকাৰ কৰে দুই শিশুৰ পিতৃ-মাতৃৰ লগতে আত্মীয়ই। দেৱৰ পৰিয়ালে শ্মশানৰ কাষত থকা মন্দিৰৰ তান্ত্ৰিকৰ ফালে সন্দেহৰ আঙুলি উঠাইছে।

তেওঁলোকৰ অভিযোগ এই মন্দিৰত অমাবস্যাৰ নিশা বহু কেইজন তান্ত্ৰিকে তন্ত্ৰ সাধনা কৰে। তেওঁলোকেই দুয়োকে নৰ বলিৰ উদ্দেশ্য হত্যা কৰিলে। স্থানীয় ৰাইজেও এই দাবীকে কৰিছে। সেয়ে শুকুৰবাৰে পথ অবৰোধ কৰি প্ৰতিবাদো সাব্যস্ত হয়।

ঘটনাৰ গভীৰতাক উপলব্ধি কৰি আৰক্ষীয়ে সঠিক তদন্তৰ আশ্বাস দিছে আৰু তদন্ত আগবঢ়াই নিছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে কেৱল উত্তৰ প্ৰদেশতে নহয়, সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে এতিয়াও এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ফৰেনছিক তদন্তৰ সমান্তৰালকৈ অঞ্চলটোৰ চি চি টিভি দৃশ্যসমূহ পৰীক্ষা কৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এতিয়াও দেশৰ বিভিন্ন অঞ্চলত দীপাৱলীৰ নিশা কালী মন্দিৰত নৰ বলি হয় বুলি ধাৰণা কৰা হৈছে। প্ৰায়ে দীপাৱলীৰ নিশা দেশৰ বিভিন্ন প্ৰান্তত এইদৰে শিশু অপহৃত হোৱাৰ লগতে ৰহস্যজনকভাৱে মৃত্যু হৈ আহিছে।