ৰাষ্ট্ৰীয়

পৰাজয় স্বীকাৰ বি আৰ এচৰ : কংগ্ৰেছক শুভেচ্ছা জনালে প্ৰাক্তন মন্ত্ৰী কে টি ৰামা ৰাওৱে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ঘোষিত হোৱা ৪খন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই তেলেংগানাত ভাৰতীয় ৰাষ্ট্ৰীয় সমিতিৰ ১০ বছৰীয়া কাৰ্যকালৰ অন্ত পৰে। বিগত দুটা বিধান সভা নিৰ্বাচনত সফলতাৰে তেলেংগানাৰ শাসনৰ বাগজৰী হাতত তুলি লোৱা বিআৰএচ দলটোৰ শোচনীয় পৰাজয়ৰ পাছতে দলটোৰ প্ৰাক্তন মন্ত্ৰী কে টি ৰামা ৰাওৱে পৰাজয় স্বীকাৰ কৰি সংবাদ মাধ্যমযোগে তেলেংগানাত বিজয় সাব্যস্ত কৰা কংগ্ৰেছ দলক শুভেচ্ছা জনায়।

এক টুইটযোগে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, " বিআৰএচ দলক একেৰাহে দুটা কাৰ্যকাল চৰকাৰ গঠনৰ সুবিধা দিয়াৰ বাবে তেলেংগানাবাসীৰ প্ৰতি কৃতজ্ঞ, আজিৰ ফলাফলত দুখিত নহয়, কিন্তু নিশ্চিতভাৱে হতাশ হৈছে কিয়নো ই আমাৰ বাবে আশাকৰাৰ দৰে নাছিল। কিন্তু আমি ইয়াক এটা শিক্ষা হিচাপে গ্ৰহণ কৰিম আৰু পুনৰ উভতি আহিম। জনাদেশ জয় কৰাৰ বাবে কংগ্ৰেছ দলক অভিনন্দন। আপোনালোকক শুভকামনা জনাইছো"।

উল্লেখ্য যে, কে টি ৰামা ৰাও বৰ্তমান চিৰচিলা সমষ্টিৰ পৰা আগবাঢ়ি আছে। ২০১৮ চনৰ নিৰ্বাচনত, তেওঁ ৮৯ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত বিজয়ী হৈছিল।