ভাৰত-বাংলাদেশ সীমান্তত জব্দ ধন, সোণে চকু কপালত তুলিব আপোনাৰঃ ৩ হাজাৰ টকাৰ বিনিময়ত চলে সৰবৰাহ... 
ৰাষ্ট্ৰীয়

ভাৰত-বাংলাদেশ সীমান্তত জব্দ ধন, সোণে চকু কপালত তুলিব আপোনাৰঃ ৩ হাজাৰ টকাৰ বিনিময়ত চলে সৰবৰাহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ হাতত গ্ৰেপ্তাৰ ৭ অবৈধ সৰবৰাহকাৰী। এই অবৈধ সৰবৰাহকাৰী কেইটাক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁলোকৰ পৰা জব্দ কৰা সোণ আৰু ধনৰ পৰিমাণে এতিয়া সকলোৰে চকু কপালত তুলিছে।

দক্ষিণ বংগৰ নাদিয়া জিলাৰ ভাৰত-বাংলা সীমান্তত বি এছ এফে ৰাজহ চোৰাংচোৱা সঞ্চালকালয় চমুকৈ ডি আৰ আইৰ সৈতে চলোৱা এক যুটীয়া অভিযানত এই অবৈধ সৰবৰাহী কেইটাৰ পৰা ৯.৬ কিলোগ্ৰাম সোণ আৰু নগদ ১১.৫ লাখ টকা জব্দ কৰিছে। জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৬.৮৬ কোটি টকাতকৈ অধিক।

অভিযানকাৰী দলটোৱে জিলাখনৰ সীমানগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা সৰবৰাহকাৰীক। উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ সীমান্ত সোণ, ৰূপৰ লগতে ধন ৰপ্তানিৰ অবৈধ কেন্দ্ৰস্থলত পৰিণত হৈছে।

দক্ষিণ এছিয়াৰ লগতে এছিয়াৰ কেইবাখনো দেশৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ এই অবৈধ সৰবৰাহৰ অভিযোগ দীৰ্ঘদিনীয়া। এই অবৈধ সৰবৰাহৰ বাংলাদেশৰ ভাৰত সীমান্তত গঢ়ি উঠা চিণ্ডিকেটত দেশখনৰ বহু প্ৰভাৱশালী ৰাজনৈতিক নেতা জড়িতৰো অভিযোগ আছে।

নাদিয়া জিলাৰ সীমানগৰৰ পৰা শেহতীয়াকৈ জব্দ কৰা এই অবৈধ ধন আৰু সোণৰ সন্দৰ্ভত সুৰাক্ষাবাহিনীৰ ফালৰ আনুষ্ঠানিক মন্তব্য কৰিছে। সেই অনুসৰিয়েই অবৈধ সৰবৰাহকাৰী কেইটাৰ পৰা ১৬ খন সোণৰ ইটা, এখন সোণৰ বিস্কুট মিলাই মুঠ ৯.৫৭২ কোলিগ্ৰাম সোণ, ১১ লাখ ৫৮ হাজাৰ ৫০০ টকা নগদ ধন জব্দ কৰিছে।

ইয়াৰোপৰি এই অবৈধ সৰবৰাহৰত ব্যৱহৃত এখন মাৰুতী ইক’ বাহনো জব্দ কৰা হৈছে। জব্দ কৰা সোণখিনিৰ আনুমানিক বজাৰ মূল্য ৬ কোটি ৮৬ লাখ ২৩ হাজাৰ ৫৮২ টকা। ৪ জুলাইত ডি আৰ আইয়ে এই অবৈধ সোণ আৰু ধন ৰপ্তানিৰ খবৰ লাভ কৰ বি এছ এফৰ ৬৮ বেটেলিয়নৰ এটা দলৰ সৈতে আৰম্ভ কৰিছিল যুটীয়া অভিযান। দলটোৱে ১১ নং ৰাজ্যিক ঘাইপথত চলাইছিল এক বৃহৎ তালাচী অভিযান।

এই দলটোৱে গ্ৰেপ্তাৰ কৰা এই অবৈধ সৰবৰাহৰ সৈতে জড়িত মুখ্য অভিযুক্তৰ লগতে এই কাৰ্যৰ সৈতে জড়িত আটাইৰে ঘৰ পশ্চিমবংগৰ নাদিয়া জিলাত। অভিযানকাৰী দলটোৱে এই অবৈধ সৰবৰাহৰ সন্দৰ্ভত অধিক তদন্তৰ স্বাৰ্থত তেওঁলোকৰ প্ৰকৃত নাম প্ৰকাশ কৰা নাই। অৱশ্যে সলনি কৰি তেওঁলোকৰ নাম উল্লেখ কৰিছে।

লগতে এই কথাও জনাইছে এই সৰবৰাহকাৰী কেইটা দীৰ্ঘদিন ধৰি এনে অবৈধ কাৰোবাৰৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে সোণৰ অবৈধ সৰবৰাহৰ বিনিময়ত এজনে ৩০০০ কৈ টকা লাভ কৰে। এই অবৈধ সোণ আৰু ধনৰ গৰাকী আন কোনোবা। সেয়ে অভিযানকাৰী দলটোৱে এই চক্ৰটোৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত।