শশী থাৰুৰে বাজেটক আখ্যা দিলে নিম্নমানৰঃ চেঞ্চেক্সতো বিৰূপ প্ৰভাৱ... 
ৰাষ্ট্ৰীয়

শশী থাৰুৰে বাজেটক আখ্যা দিলে নিম্নমানৰঃ চেঞ্চেক্সতো বিৰূপ প্ৰভাৱ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটে জনসাধাৰণৰ আশা পূৰণ কৰিবনে সেই সন্দৰ্ভত ইতিমধ্যে ভিন্ন জনে ভিন্ন প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে। চৰাচৰিতভাৱে শাসকীয় দলৰ সাংসদসকলে এই বাজেটক সপোনৰ বাজেট আখ্যা দিয়াৰ সমান্তৰালকৈ বিৰোধীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। আনকি সংসদত পঞ্জাৱৰ সাংসদসকলে এই বাজেটৰ বিৰুদ্ধে আৰু পঞ্জাৱক বাজেটত গুৰুত্বহীন কৰাৰ অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ বাহিৰত আজি দাখিল কৰা এই বাজেটক সপোনৰ বাজেট আখ্যা দিছে। তেওঁ কৈছে- এই বাজেট সকলো শ্ৰেণীৰ বাবে বিশেষকৈ যুৱ আৰু মহিলাসকলৰ বাবে এখন সপোনৰ বাজেট। বাজেটত ১১ লাখ কোটি টকাৰ অধিক মূলধন ব্যয় আৱণ্টন কৰা হৈছে। বিহাৰ, ঝাৰখণ্ড,পশ্চিম বংগ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কৰা ঘোষণাই পূৱ ভাৰতৰ অৰ্থনীতিক উৎসাহিত কৰিব। দক্ষতা আৰু নিযুক্তি সৃষ্টিৰ ঘোষণা ঐতিহাসিক। মহিলাসকলৰ বাবে সমৰ্থন আঁচনিবোৰ প্ৰশংসাৰ যোগ্য। উত্তৰ-পূবৰ বেংকিং সেৱাসমূহৰ যত্ন লোৱা হৈছে।

তেওঁ আৰু কয়, প্ৰধানমন্ত্ৰী মোডীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন বাজেটত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। যদি বিৰোধীয়ে বাজেটক সমালোচনা কৰিছে তাৰ অৰ্থ হৈছে এইখন অতি ভাল বাজেট। সকলো খণ্ডক সামৰি লোৱা হৈছে আৰু এয়া এখন বিকাশমুখী বাজেট। আপুনি ইয়াত মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই দেখিব।

তেওঁ বিহাৰৰ বানপানী সমস্যা সমাধানৰ বাবে ঘোষণা কৰা আৰ্থিক পেকেজৰ সন্দৰ্ভত কয়, বিহাৰৰ বানপানী কেৱল বিহাৰৰে নহয়। এয়া দেশৰ এক সমস্যা।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰে এই বাজেটক অতি নিম্নমানৰ বাজেট আখ্যা দিছে। তেওঁ কয়, এইখন এখন অতি নিম্নমানৰ বাজেট। মই সাধাৰণ মানুহে সন্মুখীন হোৱা মূল সমস্যাবোৰৰ বিষয়ে বাজেটত একো শুনা নাই। MNREGA ৰ বিষয়ে কোনো কথা উল্লেখ কৰা হোৱা নাই। সাধাৰণ ব্যক্তি এজনৰ উপাৰ্জন উন্নত কৰাৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে পৰ্যাপ্ত উল্লেখ নাই। আমি উপাৰ্জনৰ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা বহু কম দেখিছোঁ।

অৱশ্য তেওঁ কৰৰ ক্ষেত্ৰত এটা সিদ্ধান্তক আদৰণি জনোৱাৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়, মই কেৱল এটা ব্যৱস্থাক স্বাগতম জনাইছো যিয়ে এঞ্জেল বিনিয়োগকাৰীসকলৰ ওপৰত কৰ বাতিল কৰিছে। মই ৫ বছৰৰো অধিক আগতে অৰুণ জেটলীক এই পৰামৰ্শ দিছিলো।

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ নেতা তথা নৱনিৰ্বাচিত সাংসদ অখিলেশ সিং যাদৱে আকৌ এই বাজেটক চৰকাৰ ৰক্ষাকাৰী বাজেট আখ্যা দিছে। তেওঁ সংবাদ মাধ্যমৰ আগত বাজেট প্ৰতিক্ৰিয়াত কয়, চৰকাৰ ৰক্ষা কৰিবৰ বাবে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বিশেষ আঁচনিৰে সংযোজিত কৰা হৈছে। তেওঁলোকে যোৱা ১০ বছৰত নিবনুৱাহে বৃদ্ধি কৰিছে।

একেদৰে তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে এই বাজেটক 'কুৰ্ছি বচাও' অৰ্থাৎ আসন বচোৱাৰ বাজেট আখ্যা দিছে। আনহাতে এইবাৰৰ বাজেটত বিহাৰক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে যদিও বিহাৰৰ নিৰ্দলীয় সাংসদ পাপ্পু যাৱদে এই বাজেটক সমালোচনা কৰিছে।

তেওঁ কয়, তেওঁলোকে কৈছিল যে তেওঁলোকে ৪ কোটি চাকৰি দিব। যোৱা ১০ বছৰত আপোনালোকে কিমান টা চাকৰি দিলে? বিহাৰৰ পৰা হোৱা প্ৰব্ৰজনৰ বিষয়টোৰ বিষয়ে কি হ'ল? নীতিশ কুমাৰ এজন 'কিংমেকাৰ'। কিন্তু আপুনি বিশেষ পেকেজ নাপালে। এতিয়া আপুনি কৈছে যে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা নিদিব কিন্তু এটা পেকেজ দিব। আপুনি কিয় ভিক্ষা কৰি আছে? বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বিষয়ে কথা পাতক। কোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয় ঘোষণা কৰা হোৱা নাই। ইয়াৰোপৰি তেওঁ কয় চৰকাৰত প্ৰভাৱ পেলাবলৈ নীতিশ কুমাৰে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন নাই। কেৱল কেবিনেট এৰি দিলেই হ'ব। তেওঁৰ মতে নীতিশ কুমাৰ এজন গুৰুতৰ ব্যক্তি।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত উদ্যোগী তথা হিৰো মটোকৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালে কয়, এই কেন্দ্ৰীয় বাজেটত বিস্তৃত অঞ্চলসমূহ সামৰি লোৱা হৈছে। পূব অঞ্চলৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ষ্টাৰ্টআপ আৰু নিযুক্তি সৃষ্টিৰ কাৰ্যসূচীসমূহ ভাল।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কেন্দ্ৰীয় বাজেট দাখিলৰ পিছত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ষ্টক মাৰ্কেটত। বাজেট দাখিলৰ পাছত চেঞ্চেক্স ৰঙা হৈয়ে আছে। পূৰ্বৰ তুলনাত ৬৫৬.৪১ পইণ্ট হ্ৰাসেৰে বৰ্তমান ৭৯,৮৪৫.৬৭ ত ব্যৱসায় কৰি আছে।